Breaking

চৰাঞ্চলৰ শিক্ষকৰে ধুবুৰী প্ৰাথমিক শিক্ষক সন্মিলনী গঠন

0 2,046

ধুবুৰী জিলাৰ ভোগদহৰ,ফুলকাকাটা,পাটামাৰি আদি চৰাঞ্চলৰ কৰ্মৰত শিক্ষকসকলৰ দ্বাৰা সন্মিলিত হোৱা “চৰাঞ্চলৰ শিক্ষক গোট”ৰ উদ্যোগত এখনি সাধাৰণ সভা অনুষ্ঠিত হৈ যায়  ২২৫৯ নং অয়ৰণজংলা নৱজ্যোতি প্ৰাথমিক বিদ্যালয়ত।উক্ত সভাত সভাপতিত্ব কৰে ২০০৩ নং খাঁ‌পাৰা প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক নুৰুল হকে।উক্ত সভাত মুখ্য অতিথিৰ আসন গ্ৰহণ কৰে  অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ সভাপতি আনোৱাৰ হুছেইনৰ উপৰিও ,ধুবুৰী জিলা প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষক সমাজৰ সভাপতি মোছাৰফ হুছেইন,প্ৰাথমিক শিক্ষক সন্মিলনীৰ  ধুবুৰী জিলাখনৰ কেইবাগৰাকীও বিষ়য়ববীয়া ক্ৰমে সুশীল চন্দ্ৰ বিশ্বাস(উপ সভাপতি),মুকবুল হুছেইন মণ্ডল(সহকাৰী সম্পাদক)ছোহৰাব আলী(উপসভাপতি)খুৰসিদ আলম(ধুবুৰী চাৰ্কেল সম্পাদক)আব্দুল হাই কাফীখান(উপসভাপতি)জ্যেষ্ঠ শিক্ষক মোকছেদ আলম,ধুবুৰী চাৰ্কেলৰ সভাপতি ৰিয়াজ উদ্দিন আহমেদ, হাশেম আলী,মোস্তাফা হুছেইন,জাহানুৰ আলম, ৰূপম বৰুৱা(ধুবুৰী জিলা টেট উত্তীৰ্ণ শিক্ষক সমাজৰ মুখপাত্ৰ)বিতোপন দত্ত(ধুবুৰী জিলা টেট উত্তীৰ্ণ শিক্ষক সমাজৰ প্ৰচাৰ সম্পাদক)ৰ উপৰিও শিক্ষক দিবাকৰ শৰ্মা উপস্থিত থাকে। পৰিচয় পৰ্বৰে আৰম্ভ হোৱা উক্ত সভাখনত জিলা আৰু ৰাজ্যখনৰ শিক্ষকসমাজক নেতৃত্ব প্ৰদান কৰা বিশিষ্ট অতিথিসকলক একোখনকৈ ফুলাম গামোচাৰে সম্বৰ্ধনা জনোৱা হয়।সম্বৰ্ধনা অনুষ্ঠানটো পৰিচালনা কৰে শিক্ষক দিবাকৰ শৰ্মাই।
উক্ত সভাত মোকছেদ আলম,জাহানুৰ আলম,দিবাকৰ শৰ্মা,ৰূপম বৰুৱা,মোছাৰফ হুছেইন  আৰু মুকবুল হুছেইন মণ্ডল ছাৰে চৰাঞ্চলৰ শিক্ষক শিক্ষয়িত্ৰীসকলৰ সমস্যাসমূহৰ ওপৰত বিশ্লেষণাত্মক বক্তব্য আগবঢ়ায়।এই বক্তব্যত তলত দিয়া বিষয়সমূহ প্ৰতিফলিত হয় –১) শেহতীয়াকৈ প্ৰদান RIIMS App ৰ ঋণাত্মক দিশসমূহ।২)চৰ্তহীন বদলিকৰণৰ ব্যৱস্থা।৩)চৰ অঞ্চলত আগতে দিয়া বিশেষ ভাট্টা( remote  allowance) পুনৰ প্ৰদান কৰা।
৪)নৌকাযাত্ৰাৰ সুৰক্ষা প্ৰদান কৰা।
৫)ফেব্ৰুৱাৰী মাহত অনুষ্ঠিত কৰিবলৈ লোৱা গুণোৎসৱৰ ঋণাত্মক ফলাফল আদি বিষয়ে।
  শিক্ষকসকলৰ আটাইবিলাক সমস্যাৱলীকে অতি সুন্দৰভাৱে হৃদয়ংগম কৰি মুখ্য অতিথিৰ বক্তব্যত  অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ সভাপতি আনোৱাৰ হুছেইনে যুক্তি,তথ্য সহকাৰে  বিশ্লেষণাত্মক  বক্তব্য প্ৰদান কৰি সকলো শিক্ষকলৈ একগোট হৈ যুঁজ দিয়াৰ আহ্বান জনায়।তেখেতে শিক্ষকসকলৰ মাজত থকা বিভাজন দূৰ কৰি সন্মিলনীৰ নেতৃত্ব দিবলৈ টেট উত্তীৰ্ণ শিক্ষক-শিক্ষয়িত্ৰীসকলক বিনম্ৰতাৰে আহ্বান জনায়।তেখেতৰ আহ্বানক উপস্থিত থকা সকলো শিক্ষক-শিক্ষয়িত্ৰীয়ে অতি আগ্ৰহেৰে গ্ৰহণ কৰে আৰু ধুবুৰীৰ দক্ষিনপাৰৰ ভোগদহৰ,ফুলকাকাটা, পাতামাৰী আদি চৰাঞ্চলক লৈ  এটি চাৰ্কেল প্ৰদান কৰি সন্মিলিতভাৱে যুঁজ দিয়াৰ পোষকতা কৰে।সেই মৰ্মে উক্ত সভাত উক্ত আৱেদন গ্ৰহণ কৰা হয় আৰু এখন কমিটি গঠন কৰা হয়।
 দক্ষিন ধুবুৰী চৰ চাৰ্কেল প্ৰাথমিক শিক্ষক সন্মিলনী নামেৰে গঠন হোৱা চাৰ্কেল কমিটিঅখনৰসভাপতিঃ হাশেম আলীউপসভাপতিঃ জাহানুৰ আলমআৰু ৰূপালী মণ্ডলসম্পাদকঃদিবাকৰ শৰ্মাসহঃসম্পাদকদ্বয়ঃ মোস্তাফা হুছেইন মণ্ডলআৰু ৰাতুল বৰুৱা ।সাংগঠনিক সম্পাদকঃ ফাৰুক আহমেদবিত্ত সম্পাদকঃসনাতন দাসপ্ৰচাৰ সম্পাদকঃআলি হুছেইন মণ্ডলসদস্য-সদস্যাসকলঃ-নাছিৰুদ্দিন শ্বেখ,আজিজুল মোল্লা,নুৰ মহম্মদ,নিপু দাস,আব্দুল ৱাহাব,ৰূপচান আলি,প্ৰভাসু বৰ্মন,অজিত কুমাৰ গুপ্তা,চুলতানা বেগম,কহিনুৰ বেগম,জাহানুদ্দিন আহমেদ,দীপ সূত্ৰধৰ উপদেষ্টাসকলঃনুৰুল হকমোকশেদ আলমআবু বক্কৰ ছিদ্দিক আদিৰে গঠন কৰা হয় 
এই কমিটিখন সদনে সমৰ্থন কৰাৰ পিছত অসম ৰাজ্যিক  প্ৰাথমিক শিক্ষক সন্মিলনী আৰু জিলা সমিতিয়ে অনুমোদন দিয়ে।উল্লেখযোগ্য যে উক্ত সভাতে চাৰ্কেল কমিটিখনক দায়িত্বও প্ৰদান কৰা হয়।
অসমৰ বিভিন্ন জিলাৰ পৰা আহি ধুবুৰীত কৰ্মৰত শিক্ষকসকলৰ সমস্যাসমূহক শিক্ষকসকলে একগোটহৈ মাৰবান্ধি সমাধান কৰিবলৈ এটা শক্তিশালী গোটৰ প্ৰয়োজন বুলি মুখ্য অতিথি আনোৱাৰ হুছেইনে তেখেতৰ বক্তব্যত প্ৰকাশ কৰে।

Leave A Reply