আলোকপ্রভঞ্জন ৱেলফেয়াৰ ছ’চাইটীৰ কামৰূপ জিলা সমিতি গঠন; খেলুৱৈ ৰাজকুমাৰ দাসক ‘দৈনন্দিন বার্তা’ৰ ‘ক্রীড়া গৌৰৱ বঁটা’প্রদান…

বৌদ্ধিক আন্দোলনেৰে আত্মনিৰ্ভৰশীল অসম গঢ়াৰ লক্ষ্যৰে ’দৈনন্দিন বাৰ্তা’ গোষ্ঠীৰ তৰফৰ পৰা প্ৰতিখন জিলাত থকা সদস্যসকলৰ সৈতে মত বিনিময় কৰাৰ উদ্দেশ্যে আজি উত্তৰ গুৱাহাটীৰ অভয়পুৰত ‘দৈনন্দিন বাৰ্তা’ গোষ্ঠীৰ কামৰূপ জিলাৰ সদস্য সকলৰ লগত প্ৰথমখন সভা অনুষ্ঠিত হৈ যায়।

সভাত সভাপতিত্ব কৰি সংবাদদাতা,সদস্য সকলক উদ্দেশ্যি দৈনন্দিন বাৰ্তা কাকতৰ সম্পাদক শংকৰ গোহাঞিয়ে কিদৰে ক’ৰোণা মহামাৰীৰ সময়তো কাকতগোষ্ঠীটোৱে দৃঢ় প‌্ৰতিজ্ঞাৰে ৰাইজৰ কাষলৈ গৈ প্ৰসাৰ আৰু প্ৰচাৰ অটুট ৰাখি বৰ্তমানৰ সময়ত কাকত গোষ্ঠীটোৰ কাকতৰ সংখ্যা বৃদ্ধি পোৱা সম্পৰ্কে বক্তব্যত উল্লেখ কৰি সংবাদ পত্ৰৰ সৈতে জড়িত বিভিন্ন দিশ সামৰি সমাজ নিৰ্মাণত সাংবাদিক এজনে পালন কৰিবলগীয়া উল্লেখনীয় ভূমিকাৰ ওপৰত আলোকপাত কৰে৷

তদুপৰি কাকত গোষ্ঠীৰ উত্তৰণৰ হকে ভৱিষ্যৎ কাৰ্যপন্থা গ্ৰহণ সম্পৰ্কেও বিশদভাৱে বৰ্ণনা কৰে।নতুন প্ৰজন্মৰ লেখক-লেখিকাসকলক লগত লৈ সাহিত্যিক সৃষ্টি কৰাৰ ওপৰত বিশেষ ভাৱে গুৰুত্ব প্ৰদান কৰে সম্পাদক শংকৰ গোহাঞিয়ে।

উক্ত সভাত ‘দৈনন্দিন বাৰ্তা’ গোষ্ঠীৰ তেৰ বৰ্ষ গৰকা উপলক্ষে ‘দৈনন্দিন বাৰ্তা’ গোষ্ঠীৰ আজীৱন সদস্য, ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়া জগতত খ্যাতি অৰ্জন কৰা বিশিষ্ট খেলুৱৈ ৰাজকুমাৰ দাসক ‘দৈনন্দিন বাৰ্তা ক্ৰীড়া গৌৰৱ বঁটা’ প্ৰদান কৰা হয়।

আনহাতে, সভাৰ লগত সংগতি ৰাখি বিশিষ্ট সাংবাদিক কুমুদ নাথক অধ্যক্ষ,দিলীপ নাথক সচিব, সংগঠক চৈয়দ মোস্তাফা আহমেদ,আবুল হুছেইন, সহকাৰী সম্পাদক অনামিকা কলিতা,অপূৰ্ব ডেকা,সাংস্কৃতিক সম্পাদক দ্বীপকান্ত পাঠক,উৎপল তামুলী আৰু মধুমাধৱ দাস, পংকজ ডেকা,যোগেন বৰ্মন,লক্ষ্যধৰ শালৈ,অৰূপ লহকৰ আৰু ৰুবলী আহমেদকে ধৰি কামৰূপ জিলাৰ স’তে জড়িত সকলো সন্মানীয় সদস্যক লৈ এখন শক্তিশালী সমিতি গঠন কৰা হয়।

সভাত উপস্থিত সদস্য-শুভাকাংক্ষীসকলক শলাগৰ শৰাই আগবঢ়াই সভাৰ সামৰণি কৰা হয়।

Related Articles