উজনি-মাজুলী, ২০ ডিচেম্বৰঃ মাজুলী জিলা চুতীয়া ছাত্ৰ সন্থাৰ অন্তৰ্গত মলং-পানীখাতী আঞ্চলিক আৰু মহিলা সন্মিলনৰ সমিতিখন আজি গঠন কৰা হয় ৷ আজি দিনৰ ২ বজাৰ পৰা উজনি মাজুলীৰ শংকৰ মাধৱ হাইস্কুলত মলং-পানীখাতী চুতীয়া জাতি সন্মিলনৰ সম্পাদক কমল বৰাই আঁত ধৰা ৰাজহুৱা সভাখনত সভাপতিত্ব কৰে বুধেশ্বৰ বৰাই ৷ উক্ত সভাতেই সৰ্বসন্মতি ক্ৰমে বিকাশ বৰাক সভাপতি আৰু দিপাংকৰ বৰাক সাধাৰণ সম্পাদিক হিচাপে লৈ মলং-পানীখাতী আঞ্চলিক চুতীয়া ছাত্ৰ সন্থাৰ সমিতিখন গঠন কৰাৰ বিপৰীতে প্ৰনামী শইকীয়াক সভানেত্ৰী আৰু কৃষ্ণা বৰাক সাধাৰণ সম্পাদিকা হিচাপে লৈ মলং-পানীখাতী আঞ্চলিক চুতীয়া জাতি মহিলা সন্মিলনৰ সমিতিখনো গঠন কৰা হয় ৷ সভাত সদৌ অসম চুতীয়া ছাত্ৰ সন্থাৰ উপদেষ্টা বিপুল চুতীয়া, মাজুলী জিলা চুতীয়া জাতি সন্মিলনৰ সভাপতি দিগেন সেনাপতি, সাধাৰণ সম্পাদক জীৱন বৰুৱা, মাজুলী জিলা চুতীয়া ছাত্ৰ সন্থাৰ সভাপতি ৰূপজ্যোতি বৰা, সদৌ অসম চুতীয়া জাতি সন্মিলন অসমৰ কাৰ্যনিৰ্বাহক সদস্য উমেশ শইকীয়া, শংকৰ মাধৱ হাইস্কুলৰ প্ৰধান শিক্ষক কনক বৰাৰ লগতে জাতিতোৰ কেইবাগৰাকীয়ো বিশিষ্ট ব্যক্তি উপস্থিত থাকে৷ উল্লেখ্য যে চুতীয়া জনগোষ্ঠীক একত্ৰিত কৰি জাতিটোৰ আটাইকেইটা সংগঠনৰ সাংগঠনিক ভেটি মজবুত কৰাৰ লক্ষ্যৰে চলিত বৰ্ষৰ অক্টোবৰ মাহৰ পৰা মাজুলী জিলা চুতীয়া জাতি সন্মিলন আৰু চুতীয়া ছাত্ৰ সন্থাৰ প্ৰচেষ্টাত মাজুলীৰ বিভিন্ন আঞ্চলিক সমিতিসমূহ পুনৰ গঠন কৰা হৈছে ৷

