Breaking

গুমৰাগ নৃত্যত উখলমাখল চমকং ৰঙ্গমঞ্চ, নতুন সমিতি গঠন ! চমকং আঞ্চলিক মিচিং দৃৰবৃ কৌবাঙৰ উদ্যোগত সাংস্কৃতিক প্ৰতিযোগিতাৰ সামৰণি…

0 24

গুমৰাগ নৃত্যত উখলমাখল চমকং ৰঙ্গমঞ্চ,নতুন সমিতি গঠন, চমকং আঞ্চলিক মিচিং দৃৰবৃ কৌবাঙৰ উদ্যোগত সাংস্কৃতিক প্ৰতিযোগিতাৰ সামৰণি

চমকং আঞ্চলিক মিচিং দৃৰবৃ কৌবাঙৰ উদ্যোগত কালিৰে পৰা দুদিনীয়াকৈ চমকং আঞ্চলিক ৰঙ্গমঞ্চত অনুষ্ঠিত হোৱা সাংস্কৃতিক প্ৰতিযোগিতাৰ আজি সফল সামৰণি পৰে। অনুষ্ঠানৰ আজি পুৱা ৬ বজাত চাফাই অভিযান।পুৱা ৯ বজাত গছপুলি ৰোপণ কৰে উদযাপন সমিতিৰ কাৰ্য্যকৰী সভাপতি দিপক মিলি, সম্পাদক ৰোহিত কুটুম, সহকাৰী সম্পাদক মহেশ পেগুয়ে।পুৱা ১০ বজাত দলীয় নৃত্য অনুষ্ঠানৰ উদ্ধোধন কৰে চমকং আঞ্চলিক মিচিং বাঃনে কৌবাঙৰ সভাপতি যতীন কুটুমে।অনুষ্ঠানত গুমৰাগ, চেঃল্লয়া,লত্তা চঃনাম,আঃতি আঃতি চঃনাম প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়।বিয়লি ৩ বজাৰ পৰা মহেশ কাৰ্দঙৰ সভাপতিত্বত অনুষ্ঠিত হোৱা বঁটা বিতৰণী
অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি মিচিং দৃৰবৃ কৌবাঙৰ সভাপতি অশ্বিনী কুমাৰ দলেয়ে কয় মিচিং সকল সাংস্কৃতিকভাৱে অতি চহকী। মিচিং সকলৰ জাতীয় কৃষ্টি-সংস্কৃতিৰ সম্ভাৰ সমূহৰ উদ্ধাৰ, চৰ্চ্চা,প্ৰচাৰ আৰু প্ৰসাৰৰ জৰিয়তে উঠি অহা প্ৰজন্মৰ মাজত স্বকীয় সংস্কৃতিৰ প্ৰতি ধাউতি বঢ়াবলৈ চিন্তা কৰিব লাগিব বুলি উল্লেখ

কৰি এটা জনগোষ্ঠীৰ সাংস্কৃতিক সম্পদ সমূহ নিভাঁজ আৰু শুদ্ধতা ৰূপত প্ৰতিস্থা কৰিবলৈ সকলোৰে একত্ৰিতভাৱে দায়িত্ব পালন কৰিব লাগিব বুলি সাৰুৱা বক্তব্য আগবঢ়ায়। অনুষ্ঠানত নিৰ্দিষ্ট বক্তা হিচাপে মিচিং দৃৰবৃ কৌবাঙৰ সদস্য প্ৰবীণ দলেয়ে কয় মিচিং সকলৰ পুৰোধা ব্যক্তি সকলে মিচিং জনগোষ্ঠীৰ আপুৰুগীয়া সাংস্কৃতিক সম্পদ সমূহৰ ৰক্ষণাবেক্ষণ কৰি পিছৰ প্ৰজন্মৰ বাবে বাট দেখুৱাই গৈছে বুলি কৈ আমাৰ কৃষ্টি-সংস্কৃতি, গীত-মাত,নৃত্য সমূহৰ বিজ্ঞানসন্মত আৰু প্ৰণালীৱদ্ধ গৱেষণাৰ জৰিয়তে বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ প্ৰয়াস চলাই যাব লাগিব বুলি গুৰুত্বপূৰ্ণ ভাষন আগবঢ়ায়। সভাত বিশিষ্ট অতিথি হিচাপে মিচিং দৃৰবৃ কৌবাঙৰ জোনাই জিলা সমিতিৰ সভাপতি
প্ৰদীপ কুম্বাং, চিমেন চাপৰি মহাবিদ্যালয়ৰ অধ্যক্ষ ড৹ শচীন দলে,চমকং হাইস্কুলৰ প্ৰধান শিক্ষক হৰজিৎ ৰায়চৌধুৰী, সন্মানীয় অতিথি হিচাপে এমএচিৰ ইএম ভৱানী দুৱৰা, মলেন্দ্ৰ নাৰ্জাৰী, জিএম ববীকান্ত পেগু, মিচিং দৃৰবৃ কৌবাঙৰ জোনাই জিলা সমিতিৰ সম্পাদক যোগেশ চাৰহ,আমন্ত্ৰিত অতিথি হিচাপে মিচিং বাঃনে কৌবাঙৰ চমকং আঞ্চলিক সমিতিৰ সম্পাদক পদ্মনাথ চাৰহ,চমকং গাওঁ পঞ্চায়তৰ সভাপতি সুকুৰাম ব্ৰহ্ম,চিমেন চাপৰি মহাবিদ্যালয়ৰ অধ্যাপক ড৹ হৰেণ চাৰহ, ড৹ দেবানন্দ সিং,সমাজকৰ্মী জোনটি ৰাঈডঙ্গীয়া,যদুমণি বৰা


উপস্থিত থাকে।সন্ধিয়া ৭ বজাৰ পৰা আৰম্ভ হোৱা সাংস্কৃতিক অনুষ্ঠানৰ উদ্ধোধন কৰে চমকং আঞ্চলিক মিচিং দৃৰবৃ কৌবাঙৰ প্ৰাক্তন সভাপতি কুমেশ্বৰ মৰাঙে।সাংস্কৃতিক অনুষ্ঠানত জনপ্ৰিয় কন্ঠশিল্পী নিশা অঃমেয়ে গীত পৰিৱেশন কৰি ৰাইজক আমোদ দিয়ে। কালি অনুষ্ঠিত হোৱা প্ৰতিনিধি সভাই দিপক মিলিক সভাপতি, সঞ্জয় দলে,ডিম্বৰ পেগু, বিৰজু পেগুক উপ সভাপতি, মহেশ পেগুক সম্পাদক, উৎপল পেগু, উকুৰাম বাচাৰক
সহকাৰী সম্পাদক, যদুবীৰ মিলি, যতীন পেগুক সাংগঠনিক সম্পাদক, প্ৰিয়ত্তম দলে,হিতেশ্বৰ মৰাঙক সাংস্কৃতিক সম্পাদক, উৎপল দলেক কোষাধ্যক্ষ হিচাপে আৰু মহেশ কাৰ্দং, প্ৰশান্ত বড়ি,ডিম্বেশ্বৰ টায়েং, কুমেশ্বৰ মৰাং, কমলা পেগুক উপদেষ্টা হিচাপে লৈ মিচিং দৃৰবৃ কৌবাঙৰ চমকং আঞ্চলিক সমিতিখন গঠন কৰা হয়।প্ৰতিনিধি সভাই মিচিং সকলৰ জাতীয় কৃষ্টি-সংস্কৃতি ৰক্ষাৰ বাবে মিচিং সকলৰ নৃত্য, গীত সমূহ শুদ্ধ আৰু নিভাঁজ ৰূপত প্ৰদৰ্শন, পৰিৱেশন কৰাৰ ওপৰত আৰোপ কৰে আৰু অভিজ্ঞ প্ৰশিক্ষকৰ দ্বাৰা মিচিঙৰ জাতীয় কৃষ্টি, নৃত্য, গীতৰ কৰ্মশালা অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে।

Leave A Reply