কামৰূপ জিলাৰ বকো সমষ্টিৰ অন্তৰ্গত সোণতলীৰ পানীখাইতীত কালি ‘চৰ-চাপৰি যুৱ ঐক্য মঞ্চ’ৰ এখনি সাধাৰণ সভা অনুষ্ঠিত হৈ যায়৷ ইউনুছ আলী মোল্লাহৰ সঞ্চালনাত অনুষ্ঠিত সভাত ‘চৰ-চাপৰি যুৱ ঐক্যমঞ্চ’ৰ ২০২৩-‘২৪ বৰ্ষৰ নতুন সমিতিখন গঠন কৰা হয়।

বিশিষ্ট সমাজকৰ্মী আজাদ ওচমান গণি, ৪নং সোণতলী টুপামাৰী জিলা পৰিষদৰ সদস্য শ্বাহজাহান আলী আহমেদ, চৰ-চাপৰি যুৱ ঐক্যমঞ্চৰ মুখ্য উপদেষ্টা আব্দুছ ছামাদ, সংবাদকৰ্মী ক্ৰমে—আবুল কালাম আজাদ, নয়ান আলী, ফজলুৰ ৰহমান, ছাইফুল ইছলাম, আঞ্চলিক সদস্য আমিন মইনুল ইছলাম আৰু প্ৰাক্তন সৈনিক আব্দুছ ছামাদ আহমেদৰ উপস্থিতিত আগন্তক বৰ্ষৰ বাবে ইউনুছ আলী মোল্লাহক সভাপতি, ৰেজাউল কবিৰক উপ-সভাপতি, আখতাৰুল হুছেইনক সাধাৰণ সম্পাদক, আব্দুল কায়ুম আল-আমানক কাৰ্যকৰী সভাপতি হিচাপে লৈ মুঠ ৬১ জনীয়া সদস্যৰে পানীখাইতীৰ চৰ-চাপৰি যুৱ ঐক্যমঞ্চৰ পূৰ্ণাংগ সমিতিখন গঠন কৰা হয়।

আনহাতে যুৱ ঐক্যমঞ্চৰ সাধাৰণ সভাখনত বাল্য বিবাহ বন্ধ কৰি সুস্থ-সৱল সমাজ গঢ়া, হ’ম দো, হোমাৰা দো-জন্ম নিয়ন্ত্ৰণ কৰা, মদ, জুৱা, ড্ৰাগছ মুক্ত সমাজ গঢ়ি তোলা, শিক্ষাৰ পোহৰ ঘৰে ঘৰে বিলাই দিয়া, গ্ৰামাঞ্চল আৰু বিভিন্ন হাট-বজাৰত সজাগতা সভা অনুষ্ঠিত কৰা, স্বাস্থ্যকৰ্মীক লগত লৈ ভিতৰুৱা অঞ্চলত মহিলাসকলক লৈ সজাগতামূলক আলোচনাচক্ৰ অনুষ্ঠিত কৰা, হাইস্কুল-উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত ভাল ফলাফল দেখুওৱা দৰিদ্ৰ শিক্ষাৰ্থীক আৰ্থিকভাৱে সহায় কৰা আদি প্ৰস্তাৱসমূহ গ্ৰহণ কৰা হয়৷
-ৰেজাউল কবিৰ

