Breaking

মাজুলী জিলা সাহিত্য সভাৰ অন্তৰ্গত সমন্বয় শাখা সাহিত্য সভা আৰু আঁহতগুৰি শাখা সাহিত্য সভাৰ নতুন সমিতি গঠন

0 85

শনিবাৰে মাজুলী জিলা সাহিত্য সভাৰ অন্তৰ্গত অন্যতম শাখা সমন্বয় শাখা সাহিত্য সভা, পুৰণিবাৰীৰ ২০২৩-২৫ বৰ্ষৰ কাৰ্যনিৰ্বাহক সমিতিখন গঠন হয়৷

সমন্বয় শাখা সাহিত্য সভাৰ ভাৰপ্ৰাপ্ত সভাপতি আনন্দ নাথৰ সভাপতিত্বত বালিচাপৰি নাথ গাঁৱৰ নামঘৰৰ প্ৰাংগনত অনুষ্ঠিত হোৱা ৰাজহুৱা সভাখনত মাজুলী জিলা সাহিত্য সভাৰ নৱনিৰ্বাচিত সভাপতি ৰামসাগৰ নাথে মুখ্য অতিথি হিচাপে অংশগ্ৰহন কৰি কয় যে শাখা সাহিত্য সভাসমূহক শক্তিশালী কৰি তুলিব লাগিব ; শাখা সাহিত্য সভাসমূহ শক্তিশালী হ’লেহে অসম সাহিত্য সভা প্ৰাণৱন্ত হ’ব৷

শাখা সম্পাদক গোলাপ চন্দ্ৰ নাথে আদৰণী ভাষণ আগবঢ়োৱা সভাখনত নৱনিৰ্বাচিত সম্পাদক কেশৱ কাকতি, পৰ্যবেক্ষক, অসম সাহিত্য সভাৰ প্ৰজাতীয় মৈত্রীবন্ধনৰ আহ্বায়ক মনোজ্যোতি ৰেগন আৰু কুঁহি আহ্বায়ক শংকুসিদ্ধ নাথ বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি বক্তব্য আগবঢ়ায়৷ সভাত সৰ্বসন্মতিক্ৰমে আনন্দ নাথক সভাপতি, ৰূপজ্যোতি নাথ, প্ৰভাত নাথ, বিদ্যাধৰ গায়নক উপসভাপতি, পাৰ্থপ্ৰতীম বৰাক সম্পাদক, মনোজ গাম, মমা দাসক সহকাৰী সম্পাদক, প্ৰতিমা ৰাজখোৱাক সাংস্কৃতিক সম্পাদক, গজেন নৰহক পত্রিকা সম্পাদক হিচাপে লৈ এখন শক্তিশালী সমিতি গঠন কৰা হয়৷ সভাত উপস্থিত ৰাইজৰ তৰফৰ পৰা মধ্য মাজুলী পাৰিজাত উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ প্ৰভাত নাথ, দেৱজিৎ বৰা, মেঘ নাথ, আনন্দৰাম নৰহ, ডম্ব নাথ প্ৰমুখ্যে বহুসংখ্যক সাহিত্যসেৱকে বক্তব্য প্ৰদান কৰে৷

সভাপতিৰ মন্তব্যৰ পিছতে জাতীয় সংগীতেৰে সভাৰ সামৰণি পৰে৷


অন্যহাতে আঁহতগুৰি শাখা সাহিত্য সভাৰ নতুন সমিতিখন আজি আঁহতগুৰি উচ্চ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত হোৱা ৰাজহুৱা সভাত অসম সাহিত্য সভাৰ প্ৰজাতীয় মৈত্রীবন্ধনৰ আহ্বায়ক মনোজ্যোতি ৰেগনৰ পৰ্যবেক্ষণত গঠন কৰা হয়৷ শাখা সভাপতি চন্দ্ৰ বৰাৰ সভাপতিত্বত সম্পাদক পুলকজ্যোতি পাহৰিয়ে উদ্দেশ্য ব্যাখ্যা কৰা সভাখনত বিশ্বজিৎ দাসক সভাপতি আৰু কুমুদ বৰাক সম্পাদক হিচাপে লৈ এখন শক্তিশালী কাৰ্যনিৰ্বাহক সমিতি গঠন কৰা হয়৷

মাজুলী জিলা সাহিত্য সভাৰ সাংগঠনিক সম্পাদক সত্যজিৎ কুম্বাং, আনন্দ ওজা, অনিল বৰুৱা, বিষ্ণুপ্ৰসাদ শইকীয়াই বক্তব্য আগবঢ়োৱা সভাখন জাতীয় সংগীতেৰে সামৰণি পৰে৷

Leave A Reply