চতিয়া সমষ্টিৰ ৰঙাচকুৱাৰ মৰিসুঁতিৰ কাৰ্কী ভৱনত অলপতে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ (এবিভিপি) ৰ এখন গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হৈ যায়। এবিভিপিৰ জামুগুৰি শাখাৰ সম্পাদক বিষ্ণু দাসৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত এবিভিপিৰ ৰঙাচকুৱা শাখা সমিতিখন নতুনকৈ গঠন কৰা হয়। উত্তৰ মূঢ়াদল গাঁও পঞ্চায়ত সভাপতি দীপক নেৱাৰে আদৰনি বক্তব্য আগবঢ়োৱা সভাত অধ্যাপক আকাশ দাহালক সভাপতি আৰু প্ৰকাশ শৰ্মাক সম্পাদক হিচাপে লৈ এখন ২৯ জনীয়া সমিতি গঠন কৰা হয়। এক গাম্ভীৰ্যপূৰ্ণ সভাত বিশেষভাবে উপস্থিত থকা অবিভিপিৰ শোণিতপুৰ জিলা সংযোজক দীপজ্যোতি দাস,ৰাজ্যিক কাৰ্যনিৰ্বাহক বিবেক পাল,আদিত্য আলেকে সৰ্বভাৰতীয় পৰ্যায়ত কাম-কাজ কৰি অহা ছাত্ৰ সংগঠনটিৰ লক্ষ্য আৰু উদ্দেশ্যৰ উপৰত এক বিসদ আলোচনা আগবঢ়াই। চতিয়া জামুগুৰিহাটৰ উত্তৰাঞ্চল ৰঙাচকুৱাত এবিভিপিৰ গুৰুত্বপূৰ্ণ সভাত কেইবাগৰাকী বিষয়ববীয়াৰ লগতে স্থানীয় বহুকেইগৰাকী উদীয়মান যুৱক-যুৱতী উপস্থিত থাকে।