এক জাগৰণ নাৰীত্বৰ সৌজন্যত চৰাইদেউ জিলাৰ মৰাণহাটৰ আঞ্চলিক গঠনৰ উদ্দেশ্যে বিশ্ৰামপুৰ এল, পি, স্কুলত এখনি নাৰীৰ সজাগতা সভা অনুষ্ঠিত কৰা হয় । সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে স্থানীয় মহিলা পৱিত্ৰী বৰুৱাই । চৰাইদেউ জিলাৰ সভানেত্ৰী ঋজুমনি গগৈয়ে সভাপতিত্ব কৰা সভাখনি চিনাকি পৰ্ব ও সম্বৰ্ধনা অনুষ্ঠানৰ আঁত ধৰে মাহমৰা আঞ্চলিকৰ সম্পাদিকা জ্ঞানদা ফুকনে। সভাত উপস্থিত থাকে সাপেখাতী , মাহমৰা আঞ্চলিক তথা বৰহ শাখা সমিতিৰ জন সংযোগ বিভাগৰ পদ্মা দেৱী গগৈ , জয়ন্ত ফুকন, আয়ত্ৰী ফুকন মহন , স্থানীয় সমাজ সচেতন মহিলা কুইন মহন, শিক্ষয়ত্ৰী ৰশ্মি বৰুৱা , শিক্ষক শুভজ্যোতি গগৈ , সমাজ সেৱক ভূপেন চাংমাই , অতুল কোঁৱৰ , জীৱিকা সখী প্ৰীতি ৰেখা চাংমাই , শিক্ষয়ত্ৰী প্ৰীতি তেতিয়া গগৈকে প্ৰমূখ্য কৰি ভালে সংখ্যক মহিলা উপস্থিত থাকে । উক্ত সভাতেই সম্পাদিকা পবিত্ৰী বৰুৱা ,সভানেত্ৰী প্ৰীতি ৰেখা চাংমাই প্ৰীতি ৰেখা চেতিয়া গগৈক উপসভানেত্ৰী হিচাপে লৈ এখনি শক্তিশালী মৰাণহাট আঞ্চলিক সমিতি গঠন কৰা হয়্।

