Breaking

ওদালগুৰিত প্ৰাক্তন বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে বিশাল ৰেলী আৰু বিশাল জনসভাৰে বজালে ২০২৪ৰ লোকসভা নিৰ্বাচনৰ ৰণডংকা

0 80

‘প্ৰমোদ বড়োৱে এবছু কাৰ্যালয়ৰ পৰা চলাইছে বিটিআৰ। পৰিৱৰ্তনৰ নামত কেৱল প্ৰমোদ বড়োৰ পকেটৰ পৰিৱৰ্তন হৈছে- ৰাইজৰ একো পৰিৱৰ্তন হোৱা নাই। আমি উচ্ছেদৰ বিৰোধিতা কৰোঁ, বিটিচিৰ কোনো লোকক উচ্ছেদ কৰিব নালাগে৷’ এই মন্তব্য প্ৰাক্তন বিটিচি প্ৰধান তথা বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীৰ।

আজি ওদালগুৰি চহৰৰ বিষ্ণু ৰাভা কৃষ্টি সংঘ প্ৰাঙ্গণত অনুষ্ঠিত এখন সভাত ভাষন দি মহিলাৰীয়ে লগতে কয়-দীৰ্ঘ দিন ধৰি বিটিআৰত বসবাস কৰি থকা সকলো জনগোষ্ঠীৰ লোকক মাটিৰ পট্টা দিব লাগে বিটিচি চুক্তি অনুসৰি ২০০২ চনৰ ১০ ফেব্ৰুৱাৰীৰ আগৰ পৰা বিটিচিত বসবাস কৰা সকলোলোকে নিজ নিজ ঠাইত থাকিব পাৰিব।

কোনেও এই ঠাই এৰি যাব নালাগে। প্ৰমোদ বড়োৱে উদ্ছেদৰ নামৰ বিটিচিবাসীৰ ঘৰ ভাঙি দিলে বুলিয়েই কোনেও সেই ঠাই এৰি যাব নালাগে। এক বিশাল জনসভাৰ আয়োজন কৰি প্ৰাক্তন বিটিচি প্ৰধান তথা বিপিএফৰ মুৰব্বী গৰাকীয়ে ২০২৪ৰ লোক সভা নিৰ্বাচনৰ ৰণডংকা বজাই প্ৰমোদ বড়োক তীব্ৰ ভাষাৰে সমালোচনা কৰে।

প্ৰমোদ বড়োৱে এবছু কাৰ্যালয়ৰ পৰাই বিটিআৰ চলোৱাৰ অভিযোগ উত্থাপনৰ লগতে পৰিৱৰ্তনৰ শ্লোগান দি শাসনত অহা প্ৰমোদ বড়োৱে পৰিৱৰ্তনৰ নামত কেৱল নিজৰ পকেটৰ পৰিৱৰ্তন কৰিছে, ৰাইজৰ একো পৰিৱৰ্তন হোৱা নাই বুলিও কটাক্ষ কৰে।


ইয়াৰ পূৰ্বে তেওঁ ওদালগুৰিৰ গোল্মাগাওঁৰ পৰা সহস্ৰাধিক দলীয় কৰ্মী, সমৰ্থকসকলক লগত লৈ এক পদযাত্ৰা কৰি ওদালগুৰিৰ বিষ্ণু ৰাভা কৃষ্টি সংঘলৈ গৈ সভাত অংশগ্ৰহণ কৰে।

সভাত ওদালগুৰি জিলা বিপিএফৰ সভাপতি তথা প্ৰাক্তন মন্ত্ৰী ৰিহন দৈমাৰী, মাজবাট বিধান সভা সষ্টিৰ বিধায়ক চৰণ বড়ো, ধনশ্ৰী পৰিষদীয় সমষ্টিৰ এমচিএলএ ফ্ৰেছ মোছাহাৰীৰ লগতে কেবাজনো জ্যেষ্ঠ বিপিএফ নেতা উপস্থিত আছিল।

Leave A Reply