প্ৰাক্তন সাংবাদিক, আচাৰ্য, কুইজ মাষ্টাৰ দিগন্ত কলিতাৰ পৰলোকপ্ৰাপ্তি

বিটিআৰৰ  ওদালগুৰি জিলাৰ মহিলাপাৰা গাওঁ নিবাসী  প্ৰাক্তন  সাংবাদিক সমাজ সেৱক তথা কুইজ মাষ্টাৰ হিচাপে বিখ্যাত দিগন্ত কলিতাৰ যোৱা নিশা ১০ :৩০ বজাত মৃত্যু হয় ।  সমাজ সেৱক  কলিতাই এটা সময়ত মাজবাটৰ পৰা অসমীয়া খবৰ  আৰু দৈনিক অগ্ৰদূত কাকতত সাংবাদিকতা কৰাৰ উপৰিও মাজবাট শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ প্ৰতিষ্ঠাপক উপ -প্ৰধান আচাৰ্য আছিল ।

কুইজ মাষ্টাৰ হিচাপে বিখ্যাত  কলিতাই দীৰ্ঘদিন ধৰি ৰোগত আক্ৰান্ত হৈ আছিল । মৃত্যুৰ সময়ত তেখেতে পত্নীৰ সৈতে এগৰাকী  জীয়াৰীক  ইহসংসাৰত এৰি থৈ যায় । আজি  তেখেতৰ মৃত্যুত মাজবাট , ৰৌতা অঞ্চলৰ লগতে মহলীয়া পাৰা আৰু কাণকাটা  অঞ্চলত গভীৰ শোকৰ ছাঁ পৰিছে । 

শ্ৰী বলোৰাম পাঠক, ৰৌতা চাৰিআলি

Related Articles