Breaking

চিৰাঙত প্ৰাক্তন এনডিএফবি সদস্যৰ আত্মসমৰ্পণ…

0 1,024

অপৰাধ চক্ৰৰ বিৰুদ্ধে চিৰাং আৰক্ষীৰ ধাৰাবাহিক এনকাউণ্টাৰ আৰু অভিযানৰ পিছত জিলাখনত অপৰাধ কাৰ্যৰ সৈতে জড়িত সকলৰ মাজত ত্ৰাসৰ সৃষ্টি হৈছে । যাৰ ফলত কিছুদিন পূৰ্বে ডকাইতি কাৰ্যত জড়িত তিনিজন অভিযুক্তই অৱশেষত আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰিবলৈ বাধ্য হৈছে ৷ উল্লেখ্য যে চিৰাং জিলাৰ ভাৰত-ভূটান সীমান্তৰ আমগুৰি থানাৰ অন্তৰ্গত মালিভিটা এলেকাৰ  দুঘৰত ২৯ মাৰ্চত শূন্যলৈ পাঁচজাই গুলীচালনাৰে ভয় ভাবুকি প্ৰদান কৰি পাঁচ লক্ষাধিক টকা আৰু সোণৰ অলংকাৰ লুট কৰি নিছিল ৷ এই ঘটনাৰ পিচতে চিৰাং আৰক্ষী সক্ৰিয় হৈ পৰিছিল আৰু উক্ত ঘটনাৰ সৈতে জড়িতসকলক কৰায়ত্ত কৰাৰ বাবে অভিযান তীব্ৰতৰ কৰি তুলিছিল ৷ সংঘটিত হৈছিল এনকাউণ্টাৰৰ ঘটনা ৷

আৰক্ষীৰ এনে কঠোৰ স্থিতি দেখি ত্ৰাসিত হৈ পৰিছে যেন অপৰাধৰ সৈতে জড়িতসকল ৷ ফলত উক্ত লুট পাতৰ ঘটনাৰ সৈতে জড়িত তিনি  অভিযুক্তই অৱশেষত আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰিছে৷ জিলাখনৰ আমগুৰি থানাত শনিবাৰে আত্মসমৰ্পণ কৰা অভিযুক্ত তিনিজন ক্ৰমে দেবানন্দ নাৰ্জাৰী (৩৭), মদন দৈমাৰী (২৯) আৰু বিশ্ব মুছাহাৰী (২২) ৷ মনকৰিবলগীয়া যে বিগত দহ দিনে পলাতক হৈ থকা অভিযুক্ত তিনিজনক চিৰাং আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ জোৰদাৰ প্ৰক্ৰিয়া অব্যাহত ৰাখিছিল। বিজনী মহকুমা আৰক্ষী বিষয়া শেখৰজ্যোতি ৰায়ৰ উপস্থিতিত আত্মসমৰ্পণ কৰা আত্মসমৰ্পণকাৰী  তিনিওজন প্ৰাক্তন এনডিএফবি সদস্য বুলি আৰক্ষী সূত্ৰে প্ৰকাশ কৰিছে৷ লক্ষ্যণীয় আত্মসমৰ্পণ কৰা তিনিওজনে চৰকাৰৰ পুনঃসস্থাপন আঁচনিৰ জৰিয়তে এককালীন আৰ্থিক সাহাৰ্য লাভ কৰিছিল । এসময়ত অইনক মৃত্যুৰ ভাবুকি দি লুন্ঠন চলোৱা অপৰাধী এতিয়া নিজেই মৃত্যুৰ ভয়ত ত্ৰাসিত বুলি চৰ্চা চলিছে ৷

Leave A Reply