বিটিচিৰ উপমুখ্য কাৰ্যবাহী তথা বিধায়ক গোবিন্দ চন্দ্ৰ বসুমতাৰীৰ বিৰূপ মন্তব্যৰ বিৰুদ্ধে ওদালগুৰিত প্ৰাক্তন এন ডি এফ বিৰ প্ৰতিবাদ

এন ডি এফ বিয়ে চাৰি লাখৰ বাবে সংগ্ৰাম কৰা বুলি কালি তামোলপুৰ বিধানসভাৰ উপ নিৰ্বাচনী সভাত প্ৰচাৰ চলাবলৈ আহি বিটিচি ৰ উপমুখ্য কাৰ্যবাহী তথা ওদালগুৰিৰ বিধায়ক গোবিন্দ চন্দ্ৰ বসুমতাৰীয়ে কৰা বিৰূপ মন্তব্যৰ প্ৰতিবাদত ওদালগুৰিৰ দুৰ্গাপূজা মণ্ডপ প্ৰাঙ্গনত আজি দিনৰ ১১ বজাত প্ৰাক্তন এন বি এফ বিৰ শতাধিক সদস্যই অৱস্থান ধৰ্মঘট কাৰ্যসূচীৰে প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে তেওঁৰ পূত্ৰলিকা দাহ কৰে।এনডিএফৰিৰ প্ৰাক্তন নেতৃবৃন্দই তীব্ৰ ক্ষোভ প্ৰকাশ কৰি কয়- এন ডি এফ বি সকলে কেতিয়াও মাথো চাৰিলাখ টকাৰ বাবে আন্দোলন কৰা নাছিল।সংগঠনৰ কেডাৰ সকলে ২০২০ৰ ২৭ জানুৱাৰীত চুক্তি হোৱাৰ পিছত আত্মসমৰ্পনকাৰী কেডাৰ সকলৰ  পুনৰ সংস্থাপনৰ বাবে দিয়া চাৰিলাখ টকাৰ বেংকতহে জমা হৈ আছে।এই ধন এতিয়াও কেডাৰ সকলে পোৱা নাই।তেনে ক্ষেত্ৰত গোবিন্দ চন্দ্ৰ বসুমতাৰীয়ে কি যুক্তিত চাৰিলাখ টকাৰ দিয়াৰ কথা ক’লে।টকা নোপোৱাকৈ সৎকামত ব্যৱহাৰ কৰা নাই বুলি কোৱাৰ অৰ্থ কি? একালৰ নিজৰ সতীৰ্থ সকলকে এই তীৰ্য্যক মন্তব্য কৰা  বিটিচিৰ উপমূখ্য কাৰ্যবাহী সদস্য গোবিন্দ বসুমতাৰীয়ে পদত্যাগ কৰা উচিত বুলি আজিৰ এই প্ৰতিবাদ কাৰ্যসূচীত উল্লেখ কৰে প্ৰাক্তন নেতৃবৃন্দই।স্বাধীনতা বড়োলেণ্ডৰ সপোন দেখুৱা প্ৰাক্তন সংগ্ৰামী নেতা বসুমতাৰীয়ে নিজৰ সতীৰ্থ সকলক লৈ কৰা এই মন্তব্যত জাঙুৰ খাই উঠিছে প্ৰাক্তন এন বি এফ বি সকল।তেওঁলোক ইমানেই ক্ষোভিত আৰু খঙাল হৈ পৰিছিল যে, পূত্তলিকা জ্বলোৱাৰ পূৰ্বে পূত্তলিকাৰ ওপৰত লাঠি,গোৰ,চৰ আদি সোধোৱা দেখা গৈছিল।এনডিএফবিৰ সংবিধান ৰচনা কৰা  নেতা বসুমতাৰীৰ   মুখত এনে মন্তব্য দুৰ্ভাগ্যজনক। এনডিএফবিৰ কেদাৰ সকলৰ সংস্থাপন, আদালতত চলি থকা কেচৰ ক্ষেত্ৰত বিটিআৰ চৰকাৰ খনে কোনো গুৰুত্ব দিয়া নাই বুলিও অভিযোগ তোলে।অচিৰে গোবিন্দ চন্দ্ৰ বসুমতাৰীয়ে এনে আপত্তি জনক মন্তব্য উঠাই নললে তেওঁৰ বিৰুদ্ধে  আন্দোলনৰ কাৰ্য্যসূচী চলি থাকিব বুলি লগতে উল্লেখ কৰে।বিটিচি ৰ উপমুখ্য কাৰ্যবাহী তথা বিধায়ক গোবিন্দ চন্দ্ৰ বসুমতাৰীৰ বিৰুদ্ধে সোচ্ছাৰ প্ৰাক্তন এন ডি এফ বিৰ নেতৃবৃন্দই আৰু কেদাৰ সকলে ওদালগুৰিৰ চুদেমপুৰীত নিৰ্মান কৰি থকা তিনিখলপীয়া বিল্ডিং কেনেকৈ বনাব পাৰো বুলি প্ৰশ্ন তোলে।কেডাৰ সকলে  গোবিন্দ বুঢ়া মূৰ্দাবাদ, বিটিচি চৰকাৰ হায়,হায়, উপমুখ্য কাৰ্যবাহী আৰু বিধায়ক পদ খাৰিজ কৰক,ডেপুটি চীফ মূৰ্দাবাদ, গোবিন্দ বসুমতাৰী গো বেক’ আদি বিভিন্ন ধ্বনিৰে উত্তাল কৰি তোলে ওদালগুৰি নগৰ।

Related Articles