প্ৰাক্তন খেলুৱৈ, ৰাষ্ট্ৰীয় পৰ্যায়ৰ সুদক্ষ ভলীবল ৰেফাৰী, প্ৰশিক্ষক সুনীল গোস্বামী…

খেল এখন চলাবলৈ হ’লে খেল পৰিচালকৰ নিত্যান্তই প্ৰযোজন। পৰিচালক অবিহনে খেল সফলতাৰে সমাপন কৰিব নোৱাৰি। গতিকে প্ৰতিযোগিতা সমূহত খেল পৰিচালক সকলে মুখ্য ভূমিকা পালন কৰি আহিছে। তেনে এজন খেলপৰিচালক সুনীল গোস্বামীৰ ঘৰ বজালী জিলাৰ গোবিন্দপুৰত। দেউতাকৰ নাম প্ৰয়াত ভূপেন্দ্ৰ নাথ গোস্বামী আৰু মাকৰ নাম গোলাপী দেৱী। দেউতাক ভলীবল খেলুৱৈ আছিল বাবে প্ৰথমে তেওঁ খেলুৱৈ হিচাপে আত্মপ্ৰকাশ কৰে যদিও পিছলৈ তেওঁ এজন সুদক্ষ ভলীবল খেল পৰিচালক হিচাপে জনপ্ৰিয় হৈ পৰে। তেওঁ চাব জুনিয়ৰ আৰু জুনিয়ৰ আন্তঃ জিলা ভলীবল প্ৰতিযোগিতাত বৰপেটা জিলাক প্ৰতিনিধিত্ব কৰে আৰু আন্তঃ জিলা চিনিয়ৰ ভলীবল প্ৰতিযোগিতাত বজালী জিলা দলক প্ৰতিনিধিত্ব কৰে। যি সকল লিফটাৰে অসমৰ ভলীবল জগতত নিজৰ ক্ৰীড়া শৈলীৰ জড়িয়তে সাজ বহুৱাই থৈ গৈছে তাৰ ভিতৰত সুনীল গোস্বামীও অন্যতম।

কোন খেলুৱৈক, কোন সময়ত, কি বল খেলালে পইন্ট লাভ কৰিব পাৰি সেই কথা তেওঁ ভালদৰে অনুধাৱন কৰিব পাৰিছিল আৰু তেনেদৰে সফল হোৱাও দেখা গৈছেল। যাৰ বাবে তেওঁ লিফটাৰ হিচাপে অতি জনপ্ৰিয় আছিল। ইয়াৰ লগে লগে তেওঁৰ ডিফেঞ্চ আছিল চকুত লগা। বল আগত পৰাটো তেওঁৰ বাবে একপ্ৰকাৰ বৰ লাজৰ কথা আছিল। পতিপক্ষ দলে সহজতে তেওঁৰ আগত বল প্লেচিং কৰি পইন্ট লাভ কৰাটো অসম্ভৱ আছিল। তেওঁৰ লগত একেলগে খেলা বিশিষ্ট খেলুৱৈ সকলক তেওঁ আজিও শ্ৰদ্ধাৰে সোঁৱৰে। দীপক ওজা, ভগৱান উজিৰ, গনেশ শৰ্মা, গুনজিৎ শৰ্মা, নৱ বৰ্মন, দীপাংঙ্কৰ গোস্বামী, প্ৰবীন ৰয়, অকন শৰ্মা, বিপুল শৰ্মা, গনেশ কুমাৰ, নীৰেন শৰ্মা আদিৰ লগত খেলিব পোৱাটো তেওঁ সৌভাগ্য বুলি ভাবে।


ক্ৰীড়াৰ প্ৰতি থকা প্ৰৱল ইচ্ছা শক্তিৰ বাবে ১৯৮৭ চনত স্নাতক ডিগ্ৰী লাভ কৰি ১৯৯২ চনত অমাৰাৱতীত ক্ৰীড়া বিষয়ক পাঠ্যক্ৰম বি পি এড ডিগ্ৰী সুখ্যাতিৰে অৰ্জন কৰে আৰু ১৯৯৫ চনত বৰপেটা জিলাত শাৰীৰিক শিক্ষা নিৰ্দেশক হিচাপে চাকৰিত যোগদান কৰে। চাকৰিত যোগদান কৰি তেওঁ বিভিন্ন বিদ্যালয়ত, প্ৰশিক্ষণ কেন্দ্ৰত ভলীবলৰ অনুশীলন কৰোৱাই খেলুৱৈ সৃষ্টিত অৰিহনা যোগাইছিল। ইয়াৰ পিছত তেওঁ ১৯৯৫ চনত ৰাজ্যিক খেল পৰিচালক হিচাপে স্বীকৃতি পোৱাৰ পিছত ২০০৩ চনত ৰাষ্ট্ৰীয় পৰ্যায়ৰ ৰেফাৰী হিচাপে পৰিগণিত হৈ অসম তথা ভাৰতীয় ভলীবললৈ সেৱা আগবঢ়াই আহিছে। ইতিমধ্যে তেওঁ কেইবাখনো ৰাষ্ট্ৰীয় পৰ্যায়ৰ ভলীবল প্ৰতিযোগিতাত খেল পৰিচালক হিচাপে অসমক প্ৰতিনিধিত্ব কৰি গৌৰৱ কঢ়িয়াই আনিছে। ২০০৭ চনত গুৱাহাটীত অনুষ্ঠিত হোৱা নেচনেল গেমছত তেওঁ খেল পৰিচালকৰ দায়িত্ব পালন কৰে। ২০১২ চনত কলিকতাত অনুষ্ঠিত হোৱা ইউথ নেচনেল চেম্পিয়নশ্বিপত তেওঁ অংশগ্ৰহণ কৰে। ২০১৩ চনত অন্ধ্ৰপ্ৰদেশত অনুষ্ঠিত হোৱা চাব জুনিয়ৰ নেচনেল ভলীবল প্ৰতিযোগিতাত তেওঁ খেল পৰিচালক হিচাপে অংশগ্ৰহণ কৰে। ২০১৩ চনত গুৱাহাটীত অনুষ্ঠিত হোৱা চাউথ এছিয়ান গেমছত তেওঁ পৰিচালক হিচাপে অংশগ্ৰহণ কৰে। ২০২৩ চনত গুৱাহাটীত অনুষ্ঠিত হোৱা চিনিয়ৰ নেচনেল ভলীবল প্ৰতিযোগিতাত তেওঁ খেল পৰিচালক হিচাপে অংশগ্ৰহণ কৰে। ইয়াৰ উপৰিও তেওঁ ২০০১ চনত হাৰিয়ানাত অনুষ্ঠিত হোৱা জুনিয়ৰ নেচনেল ভলীবল প্ৰতিযোগিতাত অসম দলৰ মেনেজাৰৰ দায়িত্ব পালন কৰে। ২০০৮ চনত অন্ধ্ৰপ্ৰদেশত অনুষ্ঠিত হোৱা চাব জুনিয়ৰ নেচনেল ভলীবল প্ৰতিযোগিতাত অসম দলৰ প্ৰশিক্ষক হিচাপে দায়িত্ব পালন কৰিছিল। ২০০৮ চনত নাগপুৰত অনুষ্ঠিত হোৱা জুনিয়ৰ নেচনেল ভলীবল প্ৰতিযোগিতাত তেওঁ অসম দলৰ প্ৰশিক্ষকৰ ভুমিকা পালন কৰে। অসমৰ ভলীবলক লৈ তেওঁ যথেষ্ট আশাবাদী। বিশেষকৈ ২০১৯ চনত ভাৰতীয় ভলীবল দলৰ প্ৰাক্তন অধিনায়ক অভিজিৎ ভট্টাচাৰ্যই আৰম্ভ কৰা অসম ভলীবল মিছন-১০০ৰ উদ্যোগত অসমৰ সৰ্বত্ৰতে চলি থকা ব্ৰহ্মপুত্ৰ ভলীবল লীগৰ ওপৰত তেওঁ প্ৰৱল বিশ্বাসী এদিন হলেও অসমৰ ভলীবলে ৰাষ্ট্ৰীয় পৰ্যায়ৰ ভলীবল প্ৰতিযোগিতাত উন্নত প্ৰদৰ্শন ডাঙি ধৰিবলৈ সক্ষম হ’ব।

তেওঁ নিজেও এই অনুষ্ঠানটোৰ লগত জড়িত হবলৈ পাই যথেষ্ট সুখী বুলি জানিবলৈ দিয়ে। কিছুবছৰ আগলৈ অসমত বজালী ভলীবলৰ এক সুকীয়া আসন আছিল। বজালী দল বুলি কলে অইন জিলা দল সমূহৰ পৰা সমীহ আদায় কৰিবলৈ সক্ষম হৈছিল। দুৰ্ভাগ্যৰ কথা যে এতিয়া আৰু বজালীৰ ভলীবল খেল আগৰ দৰে হৈ থকা নাই বুলি তেওঁ আক্ষেপ প্ৰকাশ কৰিছে । এতিয়া খেলিবলৈ সকলো সা-সুবিধা পোৱা যায় যদিও খেলুৱৈ সকলে খেলিবলৈ আগ্ৰহ প্ৰকাশ নকৰা হৈছে। ঠায়ে ঠায়ে ভলীবলৰ নেটখন খেলপথাৰত ওলমি আছে যদিও তাত খেলুৱৈয়ে অনুশীলন কৰি থকা দেখা পোৱা নাযায়। ইয়াৰ কাৰণ সমূহ পৰ্যালোচনা কৰি সঠিক আঁচনি প্ৰস্তুত কৰি ৰূপায়ণ কৰিব পাৰিলেহে ক্ৰীড়াৰ উন্নতি হ’ব বুলি তেওঁ গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াইছে।

Related Articles