Breaking

চিকিৎসালয়ৰ পৰা সুস্থ হৈ ঘৰলৈ গ’ল প্ৰাক্তন প্ৰধানমন্ত্ৰী ড° মনমোহন সিং

0 64

অনলাইন বাৰ্তা

  দিল্লীৰ অল ইণ্ডিয়া ইনষ্টিটিউট অব মেডিকেল ছায়েন্স (এইমছ)ৰ পৰা যাবলৈ দিয়া হ’ল প্ৰাক্তন প্ৰধানমন্ত্ৰী ড° মনমোহন সিঙক৷ দেওবাৰে প্ৰাক্তন প্ৰধানমন্ত্ৰীজনক বুকু বিষ আৰু শ্বাসকষ্ট বাবে চিকিৎসালয়ত ভৰ্ত্তি কৰোৱা হৈছিল৷ তেওঁক কাৰ্ডিয়থোৰাছিক ৱাৰ্ডত ভৰ্ত্তি কৰোৱা হয়৷ ইয়াৰ ৰিপৰ্ট আহে সোমবাৰে৷ সেই ৰিপৰ্ট নিগেটিভ বুলি চিকিৎসালয়ৰ তৰফৰ পৰা জনায়৷ প্ৰাক্তন প্ৰধানমন্ত্ৰী তথা ৰাজস্থানৰ পৰা ৰাজ্যসভাৰ সাংসদ ড° মনমোহন সিঙক দেওবাৰে ৰাতি ৯.৩০ বজাত এইমছৰ পৰা অনা হয়৷ ৮৭ বছৰীয়া কংগ্ৰেছ নেতাজনৰ চিকিৎসা কৰে কাৰ্ডিয়লজীৰ অধ্যাপক ডাঃ নীতিশ নায়কৰ তত্ত্বাৱধানত৷ চিকিৎসাৰ পাছত ড° মনমোহন সিঙৰ অৱস্থা উন্নত হয় আৰু ক’ৰোনা পৰীক্ষা কৰে৷ এই পৰীক্ষাৰ ফলাফল নিগেটিভ আহে৷ সেয়ে আজি তেওঁক চিকিৎসালয়ৰ পৰা যাবলৈ দিয়ে৷   উল্লেখ্য যে প্ৰাক্তন প্ৰধানমন্ত্ৰী ড° মনমোহন সিঙৰ ১৯৯০ আৰু ২০০৯ চনত দুবাৰকৈ হাৰ্ট বাইপাছ ছাৰ্জাৰি হৈছিল৷ আনহাতে ড° সিং ডায়েবেটিছ ৰোগতো আক্ৰান্ত৷

Leave A Reply