Breaking

মাজুলী মহাবিদ্যালয়লৈ প্ৰাক্তন অধ্যাপক অনিল চন্দ্ৰ হাজৰিকাৰ পঞ্চাশ হাজাৰ টকাৰ অনুদান…

0 81

মাজুলী মহাবিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ অৱসৰপ্ৰাপ্ত অধ্যাপক অনিল চন্দ্ৰ হাজৰিকাই মহাবিদ্যালয়খনিলৈ আগবঢ়াইছে পঞ্চাশ হাজাৰ টকাৰ আৰ্থিক অনুদান। নদীদ্বীপ মাজুলীৰ উচ্চ শিক্ষাৰ প্ৰথমটি অনুষ্ঠান হিচাপে মহাবিদ্যালখনে বিগত সাতটা বছৰে  ৰূপায়ণ কৰি অহা ‘গ্ৰন্থদান মহান দান’ নামৰ ব্যতিক্ৰমী কাৰ্যসূচীত অংশ গ্ৰহণ কৰি কালি মহাবিদ্যালয়খনৰ প্ৰাক্তন অৱসৰী অধ্যাপক, বৰ্তমান তিনিচুকীয়াৰ পৰ্বতীয়া নিবাসী বিশিষ্ট শিক্ষাবিদ অনিল চন্দ্ৰ হাজৰিকাই মহাবিদ্যালয়ৰ প্ৰশাসনিক সমন্বয়ক প্ৰশান্ত শইকীয়া, শৈক্ষিক সমন্বয়ক অজিত কুমাৰ শইকীয়া, গণিত বিভাগৰ মুৰব্বী বসন্ত বৰা, সহধৰ্মিণী তথা তিনিচুকীয়া মহাবিদ্যালয়ৰ অধ্যাপিকা ডঃ মণিকা দাস হাজৰিকাৰ উপস্থিতিত অধ্যক্ষ ডঃ দেৱজিৎ শইকীয়াৰ হাতত নিজৰ পেঞ্চনৰ সঞ্চিত পুঁজিৰ পৰা নগদ পঞ্চাশ হাজাৰ টকাৰ এখন চেক আগবঢ়ায়।

বিগত সময়ছোৱাত মহাবিদ্যালয়খনিয়ে সম্পন্ন কৰি অহা গ্ৰন্থ দান কাৰ্যসূচীত আন্তৰিকতাৰে ভাগ লৈ অনিল চন্দ্ৰ হাজৰিকাই আগ বঢ়োৱা দান গ্ৰহণৰ লগতে তেওঁৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰাৰ উদ্দেশ্যে আজি বিয়লি ১ বজাৰ পৰা মহাবিদ্যালয়ৰ কাৰ্কচন্দ্ৰ দলে কক্ষত অধ্যক্ষ ডঃ দেৱজিৎ শইকীয়াৰ সভাপতিত্বত এখন বিশেষ সভাৰ আয়োজন কৰা হয়। মহাবিদ্যালয়ৰ গ্ৰন্থাগাৰিক প্ৰদীপ চন্দ্ৰ দাসে আঁত ধৰা সভাত অধ্যক্ষ ডঃ শইকীয়াই প্ৰাক্তন অধ্যাপকগৰাকীয়ে প্ৰদৰ্শন কৰা মহানুভৱতাৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰে আৰু অনাগত সময়তো মহাবিদ্যালয়খনিৰ উত্তৰণত তেওঁলোকে সৰ্বতোপ্ৰকাৰৰ সহযোগিতা আগবঢ়াব বুলি আশা কৰে। লগতে তেওঁৰ দানৰ অৰ্থেৰে ক্ৰয় কৰা বহুমূলীয়া গ্ৰন্থৰাজিয়ে মাজুলীৰ দৰিদ্ৰ শিক্ষাৰ্থীসকলৰ উপকাৰ সাধন কৰিব বুলি মন্তব্য কৰে। সভাত মহাবিদ্যালয়ৰ প্ৰশাসনিক সমন্বয়ক প্ৰশান্ত শইকীয়া, শৈক্ষিক সমন্বয়ক অজিত কুমাৰ শইকীয়া,

অভ্যন্তৰীণ মান নিশ্চিতকৰণ কোষৰ সমন্বয়ক ডঃ দেৱজ্যোতি ভট্টাচাৰ্য, শিক্ষক গোটৰ সভাপতি ডঃ ৰাজেন চন্দ্ৰ বৰা, সম্পাদক তুলসী ৰাজখোৱা, জ্যেষ্ঠ অধ্যাপক অজয় প্ৰসাদ সিংহ, মায়াশ্ৰী ডেকা হাজৰিকা, গীতাৰাণী গোস্বামী, বিপুল ৰাজখোৱা, অপূৰ্বজ্যোতি হাজৰিকা, ডঃ ৰূপজ্যোতি বৰা, ডঃ দুলাল হাজৰিকা, বসন্ত বৰা, প্ৰণীতা ৰাজখোৱা, সুৰেন চন্দ্ৰ দাস, ৰাষ্ট্ৰীয় উচ্চতৰ শিক্ষা অভিযানৰ মাজুলী মহাবিদ্যালয়ৰ সমন্বয়ক অধ্যাপক দেৱজ্যোতি খাটনিয়াৰ, ডঃ প্ৰফুল্ল বৰা, প্ৰণৱজ্যোতি বৰা, দীনেশ পেগু, বিজয় টিমুং, কৰ্মচাৰী গোটৰ সভাপতি পদ্মধৰ বৰুৱা, উৎপল বৰুৱা, দেৱজিৎ বৰুৱা প্ৰমুখ্যে ব্যক্তিসকল উপস্থিত থাকি গ্ৰন্থদাতাৰ এনে মহান পদক্ষেপক বিশেষভাৱে প্ৰশংসা কৰে। দাতা অনিল চন্দ্ৰ হাজৰিকাই তেওঁৰ জীৱনৰ বাট প্ৰশস্ত কৰা শিক্ষানুষ্ঠানটিলৈ যৎকিঞ্চিত অনুদান আগবঢ়াই ধন্য হোৱা কোৱাৰ লগতে তেওঁৰ দানেৰে পিতামহ সোমেশ্বৰ হাজৰিকা আৰু মাতামহ মাণিকী হাজৰিকাৰ সোঁৱৰণত ধৰ্মগ্ৰন্থ সংগ্ৰহ কৰিবলৈ মহাবিদ্যালয় পৰিয়ালক অনুৰোধ কৰে।

Leave A Reply