Breaking

প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী যশৱন্ত সিঙৰ মৃত্যু

0 1,244

অনলাইন বাৰ্তা : প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী যশৱন্ত সিঙৰ দেওবাৰে পুৱা ৬.৫৫ বজাত ৮২ বছৰ বয়সত দিল্লীৰ সেনা চিকিৎসালয়ত মৃত্যু হয় ৷ চিকিৎসালয়ৰ সূত্ৰই জনোৱা মতে যোৱা ২৫ জুনৰ পৰা তেওঁৰ চিকিৎসা চলিছিল ৷ চেপচিছ আৰু মাল্টিঅৰ্গেন ডিছফাংচন চিণ্ড্ৰোমত তেওঁ আক্ৰান্ত হৈছিল ৷ দেওবাৰে পুৱাই তেওঁৰ কাৰ্ডিয়াক এৰেষ্ট হয় ৷ তেওঁৰ মৃত্যুত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে টুইট কৰি শোক প্ৰকাশ কৰে ৷ টুইটত প্ৰধানমন্ত্ৰীয়ে লিখে, “প্ৰথমে এজন সেনা আৰু তাৰ পাচত অভিজ্ঞ ৰাজনীতিবিদ হিচাপে তেওঁ দেশ সেৱা কৰিছিল ৷ অটল বিহাৰী বাজপেয়ী চৰকাৰত তেওঁ বিত্ত মন্ত্ৰী, বিদেশ আৰু প্ৰতিৰক্ষা মন্ত্ৰী হিচাপে গুৰুত্বপূৰ্ণ দায়িত্ব পালন কৰিছিল ৷ তেওঁৰ মৃত্যুত মই শোকাহত ৷” আনহাতে দলৰ সাংগঠনিক দিশত তেওঁ অৱদান স্মৰণ কৰে মোডীয়ে ৷ তেওঁৰ পৰিয়ালৰ প্ৰতি প্ৰধানমন্ত্ৰীয়ে সমবেদনা জনায় ৷ ৰাজস্থানৰ বাড়মেৰ জিলাৰ জচোল গাঁৱত যশৱন্ত সিঙৰ ১৯৩৮ চনৰ ৩ জানুৱাৰীত জন্ম হৈছিল ৷ মেয়ো কলেজ আৰু নেচনেল ডিফেন্স একাডেমি আৰু ইণ্ডিয়ান মিলিটেৰী একাডেমিৰ পৰা শিক্ষা গ্ৰহণ কৰা যশৱন্ত সিঙে পঞ্চাশ দশকৰ শেষত ভাৰতীয় সেনা বাহিনীত যোগ দিয়ে ৷ তেওঁ ‘মেজৰ’ পদত কৰ্মৰত আছিল ৷ ষাঠি দশকৰ শেষৰ ফালে তেওঁ ৰাজনীতিত প্ৰৱেশ কৰে ৷ ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতিষ্ঠাতাসকলৰ মাজত তেওঁ অন্যতম আছিল ৷ ৰাজ্যসভাত প্ৰথম প্ৰৱেশ কৰে আশি দহকত ৷ ১৯৯৬ চনৰ ১৬ মে’ৰ পৰা সেই বছৰৰ ১ জুনতৈকে বাজপায়ীৰ সংক্ষিপ্ত মন্ত্ৰীসভাত তেওঁ আছিল বিত্ত মন্ত্ৰীৰ দায়িত্বত ৷ কেন্দ্ৰীয় বিত্ত মন্ত্ৰী হিচাপে তেওঁক পুনৰ ২০০২ চনত পুনৰ দেখিবলৈ পোৱা যায় ৷ বাজপায়ী মন্ত্ৰীসভাত তেওঁ ২০০২ চনৰ ১ জুলাইৰ পৰা ২০০৪ চনৰ ২১ মে’লৈকে বিত্ত মন্ত্ৰী আছিল ৷ ১৯৯৮ চনৰ পৰা ২০০২ চনলৈকে চাৰি বছৰ বিদেশ মন্ত্ৰীৰ দায়িত্ব আছিল ৷ প্ৰতিৰক্ষা মন্ত্ৰীৰ কাৰ্যভাৰ পালন কৰিছিল ২০০০ চনৰ জানুৱাৰীৰ পৰা ২০০১ চনৰ অক্টোবৰ পৰ্যন্ত ৷ ১৯৯৮-’৯৯ বাজপেয়ীৰ ১৩ মাহৰ চৰকাৰত যশৱন্ত সিং আছিল যোজনা কমিচনৰ উপ অধ্যক্ষ৷ সকলো মিলি তেওঁ মুঠ পাঁচবাৰ ৰাজ্যসভা আৰু চাৰিবাৰ লোকসভাৰ সাংসদ আছিল ৷ ১৯৮৯ চনৰ লোকসভা নিৰ্বাচনত ৰাজস্থানৰ যোধপুৰ আৰু ১৯৯৬ আৰু ১৯৯১ চনত তেওঁ ৰাজ্যখনৰ চিতৌৰগড় সমষ্টিৰ পৰা সাংসদ হৈছিল ৷ ২০০৯ চনত লোকসভা নিৰ্বাচনত তেওঁ দাৰ্জিলিং সমষ্টিৰ পৰা লোকসভা নিৰ্বাচনত জয়ী হৈছিল ৷ উল্লেখ্য যে ১৯৯৯ চনত ইণ্ডিয়ান এয়াৰ লাইনছৰ বিমান ঘটনাৰ সময়ত তৎকালীন বিদেশ মন্ত্ৰী যশৱন্ত সিঙে আফগানিস্থানৰ কন্দহৰলৈ গৈ অপহৰণকাৰীৰ লগত আলোচনাত বহিছিল ৷ তেওঁৰ এই ‘সক্রিয়তা’ৰ বাবে সেই সময়ত তুমুল ৰাজনৈতিক বিতৰ্ক হৈছিল ৷ ২০০৪ চনৰ লোকসভা নিৰ্বাচনত বাজপায়ী চৰকাৰৰ পতনৰ পাচত যশৱন্ত সিং ৰাজ্যসভাৰ বিৰোধী দলনেতা আছিল ৷ কিন্তু ২০০৯ চনৰ লোকসভা নিৰ্বাচনত দাৰ্জিলিং সমষ্টিৰ পৰা জয়ী হোৱাৰ কেইমাহমানৰ ভিতৰত পাকিস্তানৰ প্রতিষ্ঠাতা মহম্মদ আলি জিন্নাক স্তুতি কৰাৰ অভিযোগত বিজেপিৰ পৰা বহিষ্কৃত হৈছিল ৷ যশৱন্ত সিঙে তেওঁৰ গ্ৰন্থত লিখিছিল, ভাৰতৰ ভাগ্যৰ বাবে জিন্না দায়ী নহয় ৷ বহিষ্কাৰৰ ১০ মাহৰ পাচত তেওঁক দললৈ ঘুৰাই আনে ৷ কিন্তু দলৰ ভিতৰ মহলত তেওঁ হৃত মৰ্যাদা পুনৰুদ্ধাৰ কৰিব পৰা নাছিল ৷ ২০১৪ চনৰ লোকসভা নিৰ্বাচনত বাড়মেৰ সমষ্টিৰ পৰা বিজেপিৰ টিকট নাপায় তেওঁ নিৰ্দলীয় প্ৰাৰ্থী হয় ৷ তেতিয়া তেওঁক পুনৰ বহিষ্কাৰ কৰে ৷ আনহাতে যশৱন্ত সিঙৰ পুত্ৰ তথা বাড়মেৰৰ প্ৰাক্তন বিজেপি সাংসদ মানবেন্দ্ৰ কংগ্ৰেছত যোগ দিয়ে ৷ সেই সমষ্টিৰ পৰা যোৱা লোকসভা নিৰ্বাচনত মানবেন্দ্র কংগ্ৰেছৰ প্ৰাৰ্থী হয় ৷ অৱশ্যে যশৱন্ত সিং সক্ৰিয় ৰাজনীতিৰ পৰা আঁতৰি অহা নাছিল ৷ যশৱন্ত সিঙৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে ৷ উল্লেখ্য যে দীৰ্ঘ দিন সাংসদৰ দায়িত্ব পালন কৰা ৰাজনীতিবিদজনে ২০১৪ চনৰ আগষ্ট মাহত নিজৰ ঘৰত পৰি মুৰত গুৰুতৰভাৱে আঘাত পাইছিল ৷ দিল্লীৰ সেনা চিকিৎসালয়ত তেওঁ দীৰ্ঘদিন ধৰি চিকিৎসাধীন হৈ আছিল ৷

Leave A Reply