গ্ৰেপ্তাৰ হ’ব আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প…

পৰ্ণ তাৰকা ষ্টৰ্মি ডেনিয়েলছক যৌন সম্পৰ্কৰ বিষয়ে মুখ নুখুলিবলৈ উৎকোচ দিয়াৰ অভিযোগ উত্থাপন হৈছিল আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ বিৰুদ্ধে। ইয়াৰ পিছতে তেওঁক গ্ৰেপ্তাৰ কৰা হয়।

বৰ্তমান তেওঁ জামিনত মুক্ত হৈ আছে। তাৰ মাজতে এইবাৰ আন এক নতুন অস্বস্তিত পৰিছে ড’নাল্ড ট্ৰাম্প।

পুনৰ ট্ৰাম্পৰ বিৰুদ্ধে উঠিছে ধৰ্ষণৰ অভিযোগ। এইবাৰ অভিযোগ কৰিলে আমেৰিকাৰ এগৰাকী বিশিষ্ট মহিলা প্ৰৱন্ধ লেখিকাই। শেহতীয়াকৈ আমেৰিকাৰ আদালতত এই গোচৰৰ শুনানি আৰম্ভ হৈছে।

ধৰ্ষণৰ পিছত প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীয়েও তেওঁক উপহাস কৰিছিল বুলিও অভিযোগ উত্থাপন কৰিছে ভুক্তভোগী মহিলাগৰাকীয়ে।

Related Articles