Breaking

ৰৌতাৰ বালিসিহাত বড়ো সাহিত্য সভাৰ প্ৰতিষ্ঠা দিৱস পালন

0 2,014

 সাহিত্যই হ’ল জাতিৰ এটা দাপোন। সাহিত্যৰ মাজেৰে জাতিৰ পৰিচয় প্ৰতিফলিত হ’য়। বড়ো জাতিটোক শক্তিশালীভাৱে নিৰ্মাণ কৰাৰ ক্ষেত্ৰত সাহিত্যই সদায় গতিশীল ভূমিকা গ্ৰহণ কৰি আহিছে। বড়ো সাহিত্য সভাই আৰম্ভণিৰে পৰা জনগোষ্ঠীটোক সজাগ আৰু সচেতন কৰাৰ উপৰি নতুন প্ৰজন্মক দিশ নিৰ্ণয় কৰাৰ  ক্ষেত্ৰটো গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে। সেয়েহে এই জনগোষ্ঠীৰ ভাষা, সাহিত্য, সংস্কৃতিৰ উত্তৰণ আৰু বিকাশৰ লক্ষ্যৰে অনুষ্ঠিত হৈ আহিছে বড়ো সাহিত্য সভাৰ প্ৰতিষ্ঠা দিৱস। ১৯৫২ চনত প্ৰতিষ্ঠা হোৱা বড়ো সাহিত্য সভাই অতিক্ৰম কৰিলে ৬৯ টা বৰ্ষ। বড়ো জাতিক ৬৯ টা বছৰেৰে দৃঢ়তাৰে আগবাঢ়ি যোৱাৰ বাবে আৰু এক সৱল মানসিকতা গঢ়ি তোলাৰ ক্ষেত্ৰত বড়ো সাহিত্যই যুগে যুগে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে। সাহিত্যৰ মাজেৰে যাতে নতুন প্ৰজন্মই বিশ্ববাসীক বড়ো জাতিৰ সাহিত্য সংস্কৃতিৰ লগলে শক্তি আৰু সামৰ্থতাৰ উমান দিব পাৰে তাৰ বাবে বড়ো সাহিত্য সভাই উদগণি জোগাই আহিছে।‌ নতুন প্ৰজন্মক বিদ্যালয় পৰ্যালয়তে সাহিত্যৰ প্ৰতি অনুৰাগী কৰি তুলিবলৈ ছাত্ৰ-ছাত্ৰী সকলৰ মাজত সাহিত্য সম্পৰ্কীয় প্ৰতিযোগিতা অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত  বড়ো সাহিত্য সভাই গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে। বড়ো সাহিত্য সভাৰ নেতৃত্বত ক্ৰীড়া আৰু সাংস্কৃতিক জগতত বড়ো জনগোষ্ঠীয়ে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত শ্ৰেষ্ঠতা প্ৰতিপন্ন কৰিবলৈ সক্ষম হৈছে। বড়ো সাহিত্য সভাৰ ৬৯ সংখ্যাক প্ৰতিষ্ঠা দিৱস পালনৰ উপৰিও ৰৌতা আঞ্চলিক বড়ো সাহিত্য সভাৰ  ৩৬ সংখ্যাক প্ৰতিষ্ঠা আৰু কাৰ্যনিৰ্বাহ সভা কালি ১৬ নৱেম্বৰত পুৱাৰে পৰা দিন জোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হৈ যায় বড়ো সাহিত্য সভাৰ প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচী ওদালগুৰি জিলাৰ ৰৌতা চাৰিআলিৰ সমীপৱৰ্তী বালিসিহা গাঁৱত । পুৱা বড়ো সাহিত্য সভাৰ পতাকা উত্তোলনেৰে আৰাম্ভ হয় প্ৰতিষ্ঠা দিৱসৰ অনুষ্ঠান।

বড়ো সাহিত্য সভাৰ পতাকা উত্তোলন কৰে ৰৌতা আঞ্চলিক বড়ো সাহিত্য সভাৰ সভাপতি আন্ধাৰু বসুমতাৰীয়ে।  ৰৌতা আঞ্চলিক বড়ো সাহিত্য সভাৰ অন্তৰ্গত ২২ খন  গাঁৱৰ প্ৰতিনিধিয়ে উত্তোলন কৰে বড়ো সাহিত্য সভাৰ পতাকা। ইয়াৰ পিছতে বড়ো সাহিত্য সভাৰ প্ৰতিষ্ঠা দিৱসৰ আদৰণি তোৰণ উন্মোচন কৰা হয়। আদৰণি তোৰণ উন্মোচন কৰে বড়ো সাহিত্য সভাৰ উপদেষ্টা বাবুল চোৰাং বড়োৱে। ইয়াৰ পিছতে স্মৃতি তৰ্পণ অনুষ্ঠান আৰাম্ভ হয় । স্মৃতি তৰ্পণ কৰে ৰৌতা আঞ্চলিক বড়ো সাহিত্য সভাৰ প্ৰতিষ্ঠা দিৱস উদযাপন সমিতিৰ সহকাৰী সম্পাদক যোগেশ্বৰ দৈমাৰীয়ে। ইয়াৰ পিছতে খাদ্য গৃহৰ দ্বাৰ উন্মোচন কৰা হয় উন্মোচন কৰে উদযাপন সমিতিৰ সভাপতি কৰ্নেশ্বৰ দৈমাৰীয়ে। বড়ো সাহিত্য সভাৰ প্ৰতিষ্ঠা দিৱসৰ মঞ্চ উন্মোচন কৰে উদযাপন সমিতিৰ উপ সভাপতি দাঠিৰাম বসুমতাৰীয়ে। ইয়াৰ পিছতে ৰৌতা আঞ্চলিক বড়ো সাহিত্য সভাৰ কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হয়। ইয়াৰ উপৰিও বড়ো সাহিত্য সভাৰ প্ৰতিষ্ঠা দিৱসৰ অনুষ্ঠান উপস্থিত থাকে কেইবাগৰাকীও বিশিষ্ট সাহিত্যিক আৰু গণ্য-মান্য ব্যক্তিয়ে ।

Leave A Reply