অসমৰ প্ৰায় ২৫ লক্ষাধিক জ্যেষ্ঠ নাগৰিকৰ সহায়ৰ বাবে যাৱতীয় ব্যৱস্থা গ্ৰহণৰ স্বাৰ্থত প্ৰতিষ্ঠিত অসম জ্যেষ্ঠ নাগৰিক সন্মিলনৰ শিৱসাগৰ জিলা শাখাৰ অন্তৰ্গত ৰাজগড় প্ৰগতি জ্যেষ্ঠ নাগৰিক সন্মিলনৰ সপ্তম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস আৰু তৃতীয় দ্বি-বাৰ্ষিক অধিবেশন খনি যোৱা সাত নবেম্বৰত অনুষ্ঠিত হৈ যায়৷২০১৫ চনত শিলাকুটি আৰু ধোপাবৰ মৌজাৰ প্ৰায় ৩৫ খন গাঁৱৰ জ্যেষ্ঠ সকলক লৈ গঠন হৈছিল ৰাজগড় প্ৰগতি জেষ্ঠ নাগৰিক সন্মিলন৷ প্ৰতিষ্ঠা দিৱসৰ পুৱা পতাকা উত্তোলনেৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰে সন্মিলনৰ সভাপতি কুমুদ শইকীয়াই৷ প্ৰতিষ্ঠা দিৱস আৰু তৃতীয় দ্বি বাৰ্ষিক অধিবেশনৰ লগত সংগতি অনুষ্ঠিত হোৱা মুকলি সভাত কেইবাজনো বিশিষ্টয়ে অংশগ্ৰহণ কৰে৷ ৰাজগড় প্ৰগতি জেষ্ঠ নাগৰিক সন্মিলনৰ সভাপতিৰ পৌৰহিত্যত অনুষ্ঠিত মুকলি সভাত শিৱসাগৰ মহাবিদ্যালয়ৰ প্ৰাক্তন গ্ৰন্থাগাৰিক দেৱ হাজৰিকা নিদিষ্ট বক্তা হিচাপে উপষ্ঠিত থকাৰ লগতে লাকুৱা জেষ্ঠ নাগৰিক সন্মিলনৰ সাংস্কৃতিক সম্পাদক ৰাজেন শইকীয়া বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰে৷টেঙাপুখুৰী নিম্ন বুনিয়াদী বিদ্যযালয়ৰ প্ৰধান শিক্ষক দিলীপ বৰুৱাই উদ্বোধন কৰা মুকলি সভাত আদৰণি সমিতিৰ সভাপতি তথা প্ৰাক্তন বিষয় শিক্ষক ৰোহিণী মহনে আদৰণি ভাষণ আগবঢ়াই৷ ৰাজগড় জেষ্ঠ নাগৰিক সন্মিলনৰ সম্পাদক হৰেশ কোঁৱৰে আঁত ধৰা সভাত স্থানীয় কেইবাজনো বয়োজেষ্ঠ ব্যক্তিক গামোচা চেলেং চাদৰে সম্বৰ্ধনা জনাোৱা হয়৷সভাত বেংক বা অন্য চৰকাৰী প্ৰতিষ্ঠিনত জেষ্ঠ নাগৰিক হিচাপে পাবলগীয়া সুবিধা সমূহ কাৰ্যকৰী কৰাৰ লগতে বৃদ্ধ পেঞ্চন নিৰিখ ২৫০ টকাৰ পৰা ১০০০ টকালৈ বৃদ্ধি কৰাৰ বাবে চৰকাৰৰ প্ৰতি আাহ্বান জনায় জেষ্ঠ নাগৰিক সন্মিলনীয়ে৷৭০ উদ্ধৰ জেষ্ঠ নাগৰিক সকলে ভূগি অহা বিভিন্ন সমস্যা সন্দৰ্ভতো সভাত আলোচনা কৰা হয়৷৷৷ইফালে স্থানীয় মহিলা শিল্পী সকলে পৰিবেশন কৰা এটি দিহানামেৰে মুকলি কৰা মঞ্চতে স্থানীয় শিল্পীৰ বৰগীত পৰিবেশনে সভাৰ সৌষ্ঠৱ বৃদ্ধি কৰে৷ সভাৰ অন্তত ৰাজগড় প্ৰগতি জেষ্ঠ নাগৰিক সন্মিলনৰ পুৰণি সমিতিখন ভংগ কৰি নতুনকৈ সমিতিখন গঠন কৰা হয়৷
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- ১৫ মে’ৰ পৰা এতিয়ালৈকে নকল সোণৰ ব্যৱসায়ৰ সৈতে জড়িতসকলৰ ক’ত, কিমান গ্ৰেপ্তাৰ হ’ল জানেনে?
- লাহৰিঘাটৰ সৰুছলাত বিজেপি আৰু এআইইউডিএফৰ কৰ্মী কংগ্ৰেছৰ দলত আনুষ্ঠানিকভাৱে যোগদান
- গোসাঁইগাঁৱৰ শিমূলটাপু পি জি আৰ গাঁৱৰ ৭৩ টা ভূমিহীন পৰিয়ালক ভূমি পট্টা প্ৰদান
- মহানগৰ জিলা কংগ্ৰেছৰ উদোগত খাৰঘূলিত পানীৰ পাইপ ফুটি ঘৰ বিধস্ত হোৱা ২২ টা পৰিয়ালক টিনপাত বিতৰণ
- ছ’চিয়েল মিডিয়াত ইজনে সিজনক কৰিলে আনফ’ল’, গোপনে গোপন প্ৰেমৰ ব্ৰেকআপ ছাৰা-শুভমানৰ…
- হিজাব পিন্ধি খাদ্য খোৱা যুৱতীগৰাকীৰ সমৰ্থনত দংগল অভিনেত্ৰী জাইৰা ৱাছিমে ক’লে- ‘মইও এনেকৈ খাওঁ’…
- ডন ব’স্ক’ বিশ্ববিদ্যালয়ৰ উদ্যোগত কেৰিয়াৰ কৰ্মশালা সম্পন্ন
- আমেৰিকাত দুটা ছিঙৰাৰ মূল্য ৫০০ টকা। ছিঙৰাৰ মূল্যক লৈ অতিষ্ঠ ইউটিউবাৰ ড্ৰু হিক
- ৰসাল লিচু স্বাস্থ্যৰ বাবে অতি উপকাৰী, ডায়েবেটিছ ৰোগীয়ে লিচু খাব লাগে নে…
- অনুষ্কা শৰ্মাৰ ডাঙৰ সিদ্ধান্ত! এবছৰত মাত্ৰ ১খন ছবিৰ অভিনয়হে কৰিব অনুষ্কা শৰ্মাই…