Breaking

তুলিকা নৃত্যাঞ্জলি কলাকেন্দ্ৰৰ প্ৰতিষ্ঠা দিৱস

0 63

তুলিকা নৃত্যাঞ্জলি কলাকেন্দ্ৰৰ প্ৰথম বৰ্ষপূৰ্তি উপলক্ষে শণিবাৰে এখনি বৰ্ণাঢ্য সাংস্কৃতিক সন্ধিয়াৰ আয়োজন কৰা হয়। গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ মাধৱদেৱ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা সাংস্কৃতিক সন্ধিয়াটিৰ শুভাৰম্ভ কৰে পদ্মশ্ৰী, নৃত্যাচাৰ্য্য যতীন গোস্বামীদেৱে, বন্তি প্ৰজ্বলন কৰে বায়নাচাৰ্য্য ঘনকান্ত বড়াদেৱে আৰু অনুষ্ঠানটিত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে নৃত্য গুৰু গোপাল কৃষ্ণ গোস্বামীদেৱে।

সেই বিশেষ সন্ধিয়াটিত নৃত্য গুৰু সকলৰ লগতে বিশিষ্ট অতিথি সকলক সম্বৰ্দ্ধনা জনোৱা হয়। অনুষ্ঠানত সঙ্গীত শিল্পী শান্তা উজীৰ,মালৱিকা বড়া,অসমৰ দুগৰাকী জনপ্ৰিয় অভিনেত্ৰী মৃদুলা বৰুৱা,বিদ্যা ৰাও, বিশিষ্ট সমাজসেৱীকা মঞ্জুলা হাজৰিকা, স্বনামধন্য নৃত্যশিল্পী অনিতা শৰ্মা, মৰমী মেধি,অঞ্জনাময়ী শইকীয়া,সীতাৰাণী হাজৰিকা, অসমৰ এগৰাকী প্ৰখ্যাত তথা প্ৰসিদ্ধ বিহুৱা ৰঞ্জিত গগৈ, লগতে অসমৰ মূকাভিনয় ক্ষেত্ৰখনৰ প্ৰথম আৰু প্ৰতিস্থিত এগৰাকী বিখ্যাত মুকাভিনেতা মইনুল হক ডাঙৰীয়া আৰু সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি দীপাংক কুমাৰ নাথ, ৰুনা লেলা,ৰ’জি আহমেদ ,ত্ৰিবেনী দুৱাৰাকে আদি কৰি, কেইবাগৰাকীও গণ্য-মাণ্য ব্যক্তি অনুষ্ঠানটোত উপস্থিত থাকে ।


উক্ত অনুষ্ঠানটিত সত্ৰীয়া নৃত্য শিল্পী কস্তুৰী কাশ্যপৰ দ্বাৰা পৰিবেশিত এটি ৰাম বন্দনাৰে আৰম্ভ হৈ ক্ৰমান্বয়ে, তুলিকা নৃত্যাঞ্জলি কলাকেন্দ্ৰৰ ছাত্ৰ-ছাত্ৰীসকলৰ দ্বাৰা সত্ৰীয়া বিভাগৰ পৰা মাটি আখৰা, কৃষ্ণ নৃত্য,চালি নৃত্যৰ লগতে আধুনিক আৰু পাশ্চাত্য বিভাগৰ ফালৰপৰা হিপ্ হপ্ বলিউড,টলিউডকে ধৰি বিভিন্ন শৈলীৰ নৃত্য প্ৰদৰ্শন কৰোৱা হয়।

এই সকলোবোৰ নৃত্য কলাৰ মাজেৰে শিশু আৰু চেমনীয়া সকলে প্ৰেক্ষাগৃহটোত উপস্থিত থকা সকলো দৰ্শককে মুগ্ধ কৰিবলৈ সক্ষম হয়।


তুলিকা নৃত্যাঞ্জলি কলাকেন্দ্ৰৰ সত্ৰীয়া বিভাগটো বায়নাচাৰ্য্য ঘনকান্ত বড়াৰ তত্বাৱধানত, পাশ্চাত্য আৰু আধুনিক বিভাগটো চলচিত্ৰ জগতৰ লগতে আন আন নৃত্য ক্ষেত্ৰৰ নৃত্যপৰিচালক হেমেন শৰ্মাৰ তত্বাৱধানত গঢ় লৈ উঠিছে৷

অনুষ্ঠানটি সুন্দৰ আৰু সুকলমে আগবঢ়ায় নিয়াত সম্পূৰ্ণভাৱে সহায় কৰে সাংস্কৃতিক সন্ধিয়াটিৰ আঁত ধৰে দুগৰাকী প্ৰতিভাৱান শিল্পী ৰীতু গগৈ আৰু বন্দনা বৰুৱাই। তেওঁলোকৰ শিল্পীসুলভ ব্যক্তিত্বই শ্ৰোতা- দৰ্শকক বাৰুকৈয়ে আপ্লুত কৰে।

Leave A Reply