লাখেৰাজ জনজাতি হাইস্কুলৰ মুল তোৰণৰ আধাৰশিলা স্থাপন

 দেৰগাঁও বিধানসভা সমষ্টিৰ ৪০ নং উত্তৰ পৰ্বতীয়া জনজাতি গাঁও পঞ্চায়তৰ অগ্ৰনী শিক্ষানুষ্ঠান লাখেৰাজ জনজাতি হাইস্কুলৰ মুল তোৰণৰ আধাৰশিলা স্থাপন কৰা হয়। বিদ্যালয় খনৰ ভুমি দাতা ভাতৃদ্বয় স্বৰ্গীয় মাগুৰাম পেগু আৰু স্বৰ্গীয় চকীৰাম পেগুৰ সোঁৱৰণত স্থাপন কৰিবলৈ লোৱা এই মুল তোৰণৰ ১৫ নবেম্বৰত আধাৰশিলা স্থাপন কৰে লাখেৰাজ জনজাতি হাইস্কুলৰ প্ৰধান শিক্ষক ৰাতুল বৰাই। মাঙ্গলিক উৰুলি ধ্বনিৰে স্থাপন কৰা আধাৰশিলা অনুষ্ঠানত দাতা পৰিয়ালৰ দিলীপ পেগু, নোমল পেগু আৰু মিলন পেগু,  পুৱ বৰমুকলি প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী ৰূপালী  বৰা, প্ৰাক্তন শিক্ষক দিলীপ বৰা, শিক্ষক দিলীপ পেগু, দীপক গগৈ, আৰু পাৰ্থবিজয় বৰাৰ লগতে বহু কেইগৰাকী গন্য-মান্য ব্যক্তি উপস্থিত থাকে।

Related Articles