Breaking

বিহালী ৰাংছালীত পুথিভঁৰাল আৰু শৰীৰ চৰ্চা কেন্দ্ৰৰ আধাৰশিলা স্থাপন

0 2,235

বিহালী সমষ্টিৰ   বিধায়ক  ৰঞ্জিত দত্তই  অসম আদর্শ গ্রাম যােজনাৰ অধীনত নির্মাণ কৰিবলগীয়া ৰাংছালী আদর্শ গাঁৱৰ পুঁথিভড়ালনির্মান কামৰ আধাৰশিলা স্থাপন কৰে।ৰাংছালী চেন্টাত নিৰ্মাণ হ’ব লগীয়া পুথিভঁৰালটো বাবে ইতিমধ্যে  মুঠ-১৫,২৪,৬৪৯.০০ টকা আবন্ট দিয়া বুলি প্ৰকাশ কৰে বিধায়ক ৰঞ্জিত দত্তই।ইফালে একে সময়তে বিধায়ক ৰঞ্জিত দত্তই আজি ইংৰাজী ২৭-১১-২০২১ তাৰিখ শনিবাৰেবিহালী সমষ্টিৰ সন্মানীয় বিধায়ক পঞ্চদশ বিত্তীয় আয়ােগ ২০২১-২২বৰ্ষৰ পুঁজিৰে ৰাংছালী  জনতা বাকৰি শৰীৰ চর্চা কেন্দ্রনবীকৰণ আৰু উন্নীতকৰণ কামৰ আধাৰশিলা স্থাপন কৰে । এই শৰীৰ চৰ্চাৰ কেন্দ্ৰটো বাবে ইতিমধ্যে  মুঠ ১১,০১লাখ টকা আবন্ট হোৱা বুলি জানিবলৈ দিয়ে।এই আধাৰশিলা অনুষ্ঠানত উপস্থিত থাকে  নিজ বিহালী জিলা পৰিষদৰ সদস্যা দীপিকা ঢাকাল দেবী , বটিয়ামাৰী গাওঁ পঞ্চায়তয  সভানেত্ৰী ফুলমণি দাস, নিজ বিহালী গাওঁ পঞ্চায়তৰ  সভাপতি প্ৰেমকান্ত চেত্ৰী, অভিযন্তা ভূপেন বৰুৱাকে ধৰি অঞ্চলটো কেইবাজনো বিশিষ্ট ব্যক্তি।

Leave A Reply