পশ্চিম গুৱাহাটী বিধানসভা সমষ্টিৰ ৰাণী উন্নয়ণ খণ্ডৰ অন্তৰ্গত বৰহেৰামদো সত্ৰ প্ৰাঙ্গনত ৮ এপ্ৰিলত বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই ২০২০-২০২১ বৰ্ষৰ আছুতীয়া পুজিৰে কাৰ্যালয়ৰ আধাৰশিলা স্থাপন কৰে।এই কাৰ্যসূচীত তেখেতক সংগ দিয়ে ৰাণী আঞ্চলিক পঞ্চায়তৰ সভাপতি পৰমেশ্বৰ বৰ্মনকে ধৰি অগপ দলৰ নেতা কৰ্মীয়ে।
ইয়াৰ পিছত বৰহেৰামদো ৰাইজ গয়ৰহৰ সম্পাদক মুকুল মহন্তই আত ধৰা আৰু সভাপতি জীতেন মহন্তৰ সভাপতিত্বত অনুষ্ঠিত এক সভাত বিধায়ক কলিতাই তেওৰ কাৰ্যকালত অনাগত সময়ত বৰহেৰামদো সত্ৰৰ সামগ্ৰিক উন্নয়ণ কৰি জাকত জিলিকা কৰাৰ বাবে আশ্বাস দিয়ে।আজিৰ অনুষ্ঠানত বুঢ়া সত্ৰাধিকাৰ উমেশ মহন্ত,ডেকা সত্ৰাধিকাৰ ধীৰেন মহন্তকে ধৰি পৰিচালনা সমিতিৰ বিষয়ববীয়া,ৰাইজ আইমাতৃ, যুুৱকসকল উপস্থিত থাকে।

