Breaking

দলগাঁৱৰ কৌপাটিত অভিভাৱক মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ ১ কোটি ৫০ লাখ টকাৰ আঁচনিৰ আধাৰশিলা স্থাপন…

0 19

আজি দলগাওঁ বিধান সভা সমষ্টিৰ অন্তৰ্গত দৰং আৰু ওদালগুৰি জিলাৰ সীমামূৰীয়া কৌপাটি চাহ বাগিছাত অত্যাধুনিক মহাপ্ৰভু জগন্নাথ কমিউনিটী হল আৰু স্কিল চেন্টাৰৰ আধাৰশিলা স্থাপন কৰে দৰং জিলাৰ অভিভাৱক মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীয়ে। আধাৰশিলা স্থাপন কৰি মন্ত্ৰীগৰাকীয়ে কয় যে, কমিউনিটী হল আৰু স্কিল চেন্টাৰৰ কাম সম্পূৰ্ণ হোৱাৰ পিছত ৰাইজে বিভিন্ন সভা সমিতি অনুষ্ঠিত কৰিব পাৰিব ৷

এই বৃহত্বৰ অঞ্চলৰ ৰাইজে বিত্তিমূলক কলা শিকিব পাৰিব। ৰাইজ যথেষ্ট উপকৃত হব এই আঁচনিৰ যোগেদি। ইফালে দলগাঁৱৰ দৈপাম উচ্চ মাধ্যমিক বিদ্যালয়ৰ আন্ত গাঁথনি উন্নয়ন প্ৰকল্পৰ ৭ কোটি টকাৰ আধাৰশিলাৰ শুভ উদ্বোধন কৰে মন্ত্ৰীগৰাকীয়ে ।

Leave A Reply