টংলাত বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ দ্বাৰা প্ৰধানমন্ত্ৰী আৱাস গৃহৰ আধাৰশিলা স্থাপন

ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সকলোৰে সপোনৰ ঘৰ হ’ব আপোন শীর্ষক মন্ত্ৰক সাৰোগত কৰি শুকুৰবাৰে আবেলি টংলা নগৰৰ এক নং ওৱাৰ্ডত অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে প্ৰধানমন্ত্ৰী আৱাস যোজনা গৃহৰ আধাৰশিলা-২০২১মাংগলিক কাৰ্যসূচীৰে শুভ উদ্বোধন কৰে।অসম বিধানসভাৰ অধ্যক্ষগৰাকীয়ে প্ৰধানমন্ত্ৰী আবাস যোজনা চহৰাঞ্চল,অসমৰ অধীনত টংলা পৌৰ সভাৰ জৰিয়তে ৰূপায়ণ কৰিব লগীয়া গৃহৰ প্ৰথমটো গৃহ টংলা নগৰৰ এক নং ওৱাৰ্ডৰ বাসিন্দা শীলা দেৱী নামৰ মহিলা গৰাকীৰ দুই লাখ টকাৰে নিৰ্মাণ হ’ব লগীয়া বাসগৃহ মাঙ্গলিক কাৰ্যসূচীৰে আধাৰশিলা স্থাপন কৰি কয়- ঘৰ নোহোৱা লোকসকলে ঘৰ নিশ্চয় লাভ কৰিব।প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ সপোনৰ বৃহৎ প্ৰকল্পৰ অধীনত দুখীয়া দৰিদ্ৰ সকলোৱে পকী ঘৰ লাভ কৰিব।কিন্তু হিতাধিকাৰীসকলে এই টকা বাইক নতুবা অন্যান্য কামত খৰছ কৰিবলৈ ব্যৱহাৰ কৰিব নালাগে বুলিও জানিব দিয়ে।পানেৰী সমষ্টিৰ বিধায়ক তথা অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ স’তে আজিৰ আধাৰশিলা অনুষ্ঠানত টংলা পৌৰ সভাৰ কাৰ্যবাহী বিষয়া শান্তুনু দাস,প্ৰধানমন্ত্ৰী আবাস যোজনা নগৰাঞ্চল ,ওদালগুৰিৰ অভিযন্তা ৰফিকুল ইছলাম ,টংলা পৌৰ সভাৰ সহকাৰী অভিযন্তা বিজয় শৰ্মা , খালিংদুৱাৰ পৰিষদৰ এম চি এল এ তথা টংলা পৌৰ সভাৰ অধ্যক্ষ দিলীপ বড়ো, বিটিআৰৰ কাৰ্যবাহী সদস্য দিগন্ত বৰুৱা ,ওদালগুৰি জিলা বিজেপিৰ জনজাতি মৰ্চাৰ সম্পাদক অৰ্জুন দৈমাৰী ,বিজেপি নেতা জোছৰাং বড়ো প্ৰমুখ্যে ইউ পি পি এল আৰু বিজেপিৰ দলীয় নেতা কৰ্মীসকলে উপস্থিত থাকি সহায় সহযোগিতা আগবঢ়ায়।

Related Articles