জুৱা খেলৰ বিৰুদ্ধে বৰডুবি আৰক্ষীৰ অভিযান : নগদ ধনসহ চাৰিজনক আটক

ড্ৰাগ-গাঞ্জাৰ সমান্তৰালকৈ আৰক্ষীয়ে জুৱা খেলৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে ।
বুধবাৰে নিশা বৰডুবিৰ দেওহাল চাহ বাগিচাত জুৱা খেলৰ বিৰুদ্ধে আৰক্ষীৰ অভিযানত ৪ জনকৈ জুৱাৰীক হাতে-লোটে  আটক কৰিবলৈ সক্ষম হয় । ৰাজ্যৰ কৰনা কালীন পৰিস্থিতিৰ লগতে সান্ধ্য আইনৰ সুযোগ লৈ দীৰ্ঘদিনৰ পৰা দেওহাল চাহ বাগিচাৰ বৃহত্তৰ অঞ্চলটোত জুৱা খেলৰ ৰমৰমীয়া ব্যৱসায় চলাই আহিছিল । বুধবাৰে নিশা বৰডুবি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ইন্দেশ্বৰী পেগুৰ নেতৃত্বত যোৱা আৰক্ষীৰ এটা দলে এক গোপন সূত্ৰৰ পম খেদি ৪ জনকৈ জুৱাৰীক হাতে-লোটে আটক কৰিবলৈ সক্ষম হয় । ধৃত জুৱাৰী কেইজন তিনিচুকীয়া জিলাৰ নখৰাই অঞ্চলৰ অমৰজ্যোতি গোঁহাই, বজাতলি গাঁৱৰ মানস হাজৰিকা, বৰলাইপুলি গাঁৱৰ নয়নজ্যোতি গগৈ আৰু মনোজ সোনোৱাল । জুৱাস্থলীৰ পৰা কেইবাহাজাৰ টকাৰ লগতে কেতবোৰ  জুৱাখেলত ব্যৱহাৰ কৰা সামগ্ৰী উদ্ধাৰ কৰে । শেহতীয়াকৈ বৰডুবি আৰক্ষীয় ঘটনা সন্দৰ্ভত ভাৰতীয় দণ্ডবিধি আইনৰ অধীনত ১৪/১৫ আচাম গেম & বেটিং এক্টৰ ধাৰা আৰু ১০৭/২০২১ নম্বৰৰ এক গোচৰ ৰুজু কৰি ধৃত জুৱাৰী কেইজনক আজি আবেলি তিনিচুকীয়া কাৰাগাৰলৈ নিক্ষেপ কৰে । অন্যহাতেদি জুৱা খেলৰ বৃহৎ চক্ৰটোৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান অব্যাহত ৰাখিছে ।

Related Articles