ডিমৌ কণিষ্ঠ মহাবিদ্যালয়ত চাৰিদিনীয়াকৈ অসমৰ আগশাৰীৰ গ্ৰন্থ বিতৰক গোষ্ঠী “সতীৰ্থ জ্ঞানযাত্ৰা”ৰ গ্ৰন্থ মেলা

ডিমৌ কনিষ্ঠ মহাবিদ্যালয়ত নৱাগত আদৰণি সভাৰ লগত সংগতি ৰাখি আজিৰে পৰা চাৰিদিনীয়াকৈ অনুষ্ঠিত হৈছে গ্ৰন্থমেলা। গুৱাহাটীস্থিত অসমৰ আগশাৰীৰ গ্ৰন্থ বিতৰক গোষ্ঠী “সতীৰ্থ জ্ঞানযাত্ৰা”ৰ সহযোগিতাত অনুষ্ঠিত কৰা হৈছে এই গ্ৰন্থমেলাখনি। আজি মহাবিদ্যালয়ত উক্ত গ্ৰন্থমেলাখনিৰ দ্বাৰ মুকলি কৰে ডিমৌ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ বকুল দত্তই।

আজিৰ অনুষ্ঠানত “সতীৰ্থ জ্ঞান যাত্ৰা”ৰ কেশৱ বড়া, বিপিন দেউৰীৰ লগতে মহাবিদ্যালয়ৰ অধ্যক্ষ, উপাধ্যক্ষা আৰু শিক্ষক-কৰ্মচাৰী তথা ছাত্ৰ-ছাত্ৰীসকল উপস্থিত থাকে। অসমীয়া, ইংৰাজী তথা অন্যান্য ভাৰতীয় ভাষাৰ বাছকবনীয়া গ্ৰন্থৰে সমৃদ্ধ গ্ৰন্থমেলাখনিত গ্ৰন্থপ্ৰেমী ৰাইজে নিজৰ অধ্যয়ন পিপাসু মনক সন্তুষ্ট কৰিব পৰাকৈ যথেষ্ট সমল বিচাৰি পাব।


ডিমৌ কণিষ্ঠ মহাবিদ্যালয় পৰিয়াল তথা “সতীৰ্থ গ্ৰন্থযাত্ৰা”ই গ্ৰন্থমেলাখনিৰ সৰ্বতোপ্ৰকাৰ সফলতাৰ বাবে স্থানীয় গ্ৰন্থপ্ৰেমী ৰাইজৰ উপস্থিতি আৰু সহযোগিতা একান্তই কামনা কৰিছে।

Related Articles