মৰিগাঁও জিলাৰ মৈৰাবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত প্ৰত্যেক বছৰৰ দৰে এইবাৰো গ্ৰীষ্মকালীন শিবিৰৰ আয়োজন কৰা হৈছে।
১৮ জুলাইৰ পৰা আৰম্ভ হোৱা গ্ৰীষ্মকালীন শিবিৰৰ সামৰণি পৰিব অহা ২১ জুলাই তাৰিখে।
ভাৰত স্কাউড এণ্ড গাইড মৰিগাঁও জিলা সমিতিৰ উদ্যোগত আয়োজন কৰা গ্ৰীষ্মকালীন শিবিৰটোত বৃহত্তৰ মৈৰাবাৰী অঞ্চলৰ লগতে মৰিগাঁও জিলাৰ ভিন্ন প্ৰান্তৰ স্কাউড গাইডৰ অন্তৰ্ভূক্ত ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰিছে।

প্ৰথম দিনাৰ উদ্বোধনি কাৰ্যসূচীত উপস্থিত থাকে মৰিগাঁও জিলা স্কাউড এণ্ড গাইডৰ সাধাৰণ সম্পাদক আজাহাৰ উদ্দীন, মৈৰাবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষক হিফজুৰ ৰহমান, যুৱ নেতা শ্বাস আলম চৰকাৰ, হুছেইন মূহম্মদ এয়াহীয়াকে আদি কৰি অঞ্চলৰ বহু কেইগৰাকী গণ্য মান্য ব্যক্তি।