বৰপেটা জিলাৰ বাঘবৰ আৰু চেঙা সমষ্টিৰ অন্তৰ্গত বৃহত্তৰ চৰাঞ্চলত আজি জিলা বন বিভাগৰ ৫০ জনীয়া দলে এক অভিযান চলাই চাৰিটাকৈ চোৰাং কাঠফলা মিল উৎক্ষাত কৰাৰ লগতে বৃহৎ পৰিমাণৰ চোৰাং কাঠ জব্দ কৰিবলৈ সক্ষম হয়। জানিব পৰা মতে,উত্তৰ কামৰূপ বন সংমণ্ডলৰ ডি এফ অ ছানিদেউল চৌধুৰীৰ নেতৃত্বত বিভাগটোৰ কেবাজনো বন বিষয়াৰ সহযোগত বৰপেটা জিলাৰ চেঙা সমষ্টিৰ অন্তৰ্গত কাৰাইখাইতি, খামখেয়ালী আৰু ভাতনাপাইতিচৰত অভিযান চলাই মুঠ চাৰিটাকৈ চোৰাং কাঠফলা মিল উৎক্ষাত কৰাৰ লগতে কেবা লক্ষ্যাধিক টকাৰ চোৰাং কাঠ জব্দ কৰিবলৈ সক্ষম হয় ।ডি এফ অ ছানিদেউ ইন্দ্ৰাদেউ চৌধুৰীৰ নেতৃত্বত ৫০ জনীয়া দলে গোপন খবৰৰ ভিত্তিত চলোৱা এই অভিযান কাৰাইখাইতিৰ পৰা দুটা, ভাতনাপাইতিচৰৰ পৰা আৰু খামখেয়ালী বজাৰ এলেকাৰ পৰা ভাগে ভাগে অভিযান চলাই চাৰিটাকৈ চোৰাং কাঠফলা মিল উৎক্ষাত কৰাৰ লগতে কেবা লক্ষ্যাধিক টকাৰ চোৰাং কাঠ জব্দ কৰিবলৈ সক্ষম হয়।
অভিযান কালত এগৰাকী বন বিষয়াই ভৰিত বেয়াকৈ আঘাত পোৱাৰ ফলতে অভিযানকাৰীৰ দলটোৰ অভিযান এক প্ৰকাৰ স্থব্দ হৈ পৰে।চোৰাং কাঠৰ ৰমৰমীয়া ব্যৱসায়ৰ বিৰুদ্ধে চলোৱা এই অভিযান কালত ৰেঞ্জাৰ গৌতম মহন্ত, তপন দাসকে ধৰি কেবাজনো বিষয়াই সহযোগিতা আগবঢ়ায়। উল্লেখ্য যে, দীৰ্ঘদিন ধৰি বন বিভাগৰ চকুত ধূলি দি দক্ষিণ বৰপেটাৰ চৰাঞ্চলৰ একাংশ চোৰাং কাঠ বেপাৰীয়ে এনে অবৈধ ব্যৱসায় চলাই আহিছিল যদিও স্থানীয় আৰক্ষী প্ৰশাসনৰ লোকে ৰহস্যজনক ভাৱে কোনো কাৰ্যব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই। চোৰাং কাঠৰ ৰমৰমীয়া ব্যৱসায় বিৰুদ্ধে আজি বন বিভাগে চলোৱা এনে ধাৰাবাহিক অভিযানক প্ৰকৃতি প্ৰেমী ৰাইজে ভূয়সী প্ৰসংসা কৰিছে ।



