Breaking

নগাঁৱত গ্ৰেপ্তাৰ চাৰিটা দুধৰ্ষ ডকাইত; জব্দ এখন বাহনৰ লগতে এখন তৰোৱাল

0 1,250

নগাঁও, ১৩ ডিচেম্বৰ : নগাঁও আৰক্ষীয়ে কালি নিশা অভিযান চলাই চাৰিটাকৈ ডকাইতক গ্ৰেপ্তাৰ কৰা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। জানিব পৰা মতে, নগাঁও জিলাৰ ঠেকেৰা গুড়িত মালবাহী এখন ট্ৰাক হাইজেক কৰি নিয়ে চাৰিজনীয়া এটা দুৰ্ধৰ্ষ ডকাইতৰ দলে। এইদৰে ৰাজপথৰ পৰা ডকাইতৰ দলে ট্ৰাক হাইজেক কৰাৰ খবৰ লাভ কৰি নগাঁও আৰক্ষীৰ অতিৰিক্ত আৰক্ষী অধীক্ষক মোহন লাল মিনাৰ নেতৃত্বত যোৱা এটা আৰক্ষীৰ দলে ডকাইতৰ দল আৰু হাইজেক হোৱা ট্ৰাক বিচাৰি নগাঁও চহৰৰ বিভিন্ন স্থানত অভিযান আৰম্ভ কৰে। এক গোপন সূত্ৰৰ ভিত্তিত আৰক্ষীয়ে চলোৱা এই অভিযানত নগাঁও জিলাৰ ৰাঙলুৰ পৰা দুৰ্ধৰ্ষ চাৰিটা ডকাইতক আটক কৰিবলৈ সক্ষম হয়। লগতে আৰক্ষীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হয় হাইজেক হোৱা ট্ৰাকখনো। তদুপৰি, আৰক্ষীয়ে ডকাইতি কাণ্ডত ব্যৱহাৰ হোৱা এখন চাৰি চকীয়া বাহনৰ লগতে এখন তৰোৱালো জব্দ কৰে। ধৃত ডকাইত কেইটা হ’ল ৰাঙলুৰ গোলাম মহম্মদ, ইমৰাণ হুছেইন, মইনুল হক আৰু নগাঁও চহৰৰ বেঙেনাআতিৰ ছাইফুল ইছলাম। ইতিমধ্যে আৰক্ষীয়ে চাৰিটা ডকাইতৰ বিৰুদ্ধে ভাৰতীয় দিণ্ডবিধি আইনৰ অধীনত ৩০৬/২০২০, ১২০(B)/৩৪৬/৩৬৬/৩৯৭ নম্বৰত গোচৰ পঞ্জীয়ন কৰিছে। আজি তেওঁলোক নগাঁও আদালতত হাজিৰ কৰি জেল হাজোতলৈ প্ৰেৰণ কৰা হয়। উল্লেখযোগ্য যে হাইজেক হোৱা ট্ৰাক খনৰ  চালক আৰু হেণ্ডিমেনক হাত ভৰি বান্ধি থোৱা অৱস্থাত আৰক্ষীয়ে নিশা ডবকাৰ পৰা উদ্ধাৰ কৰে।

Leave A Reply