দৰঙৰ নগৰবাহীত আহলে ছুন্নত ৱাল যামাআতৰ চাৰি সংগঠনৰ সভা

আজি দৰঙৰ নগৰবাহীত আহলে ছুন্নত ৱাল যামাআতৰ চাৰি সংগঠনৰ এখন সভা অনুষ্ঠিত হৈ যায়৷ উক্ত সভাত উত্তৰ লখিমপুৰ নিবাসী মৌঃ মোস্তাফা কামাল আজহাৰীয়ে ছ’চিয়েল মিডিয়া আৰু NewsNow পৰ্টেলৰ জৰিয়তে ৱলী-আউলীয়াৰ শ্বানত গোস্তাখি কৰা, চৰ-চাপৰিৰ মুছলমান সকলৰ শিক্ষা-দীক্ষা নাই বুলি তুচ্ছতাচ্ছিল্য কৰাৰ লগতে আলিম সমাজক গোড়ামি বুলি মন্তব্য কৰা কাৰ্যক তীব্ৰ ভাষাৰে গৰিহণা জনায়৷ লগতে ইছলামৰ তিনি শ্বৰীঅতৰ সিদ্ধান্ত সম্পৰ্কত তেখেতে কৰা মন্তব্যৰ দলিল আজি পৰ্যন্ত দিব নোৱাৰি আহলে ছুন্নত ৱাল যামাআতৰ উলামা, মুফতী সকলক ফোনযোগে দাবী ধমকিহে দিয়ে৷ এয়া তেখেতৰ চৰিত্ৰ৷ এই সকলো বিষয়ৰ ওপৰত যামাআতে-ৰাজা-ই-মোস্তাফা, দৰং, ৰাজা ফাউণ্ডেশ্যন, অসম, উলামা-ই-আহলে ছুন্নত কাউন্সিল, দৰং, ছুন্নী উলামা কাউন্সিল, অসমৰ তৰফৰ পৰা তীব্ৰ ভাষাৰে গৰিহণা জনাই মোস্তাফা কামাল আজহাৰী ছুন্নী চহীহুল আকিদাৰ মছলকে আলা হযৰতৰ লোক নহয় বুলি ঘোষণা কৰে৷ অসমৰ ৰাইজক মোস্তাফা কামাল আজহাৰী আৰু তেখেতৰ সাংগোপাংগো সকলৰ পৰা আঁতৰি থাকিবলৈ আহলে ছুন্নত ৱাল যামাআতৰ চাৰিওটা সংগঠনে আহ্বান জনায়৷ মোস্তাফা কামাল আজহাৰীক মৃত্যুৰ আগমুহূৰ্তলৈকে পূৰ্বতে  চাৰিটা সংগঠনে দিয়া চৰ্ত মোতাবিক মোনাজাৰাত বহিবলৈ অনুৰোধ জনায়৷ মোনাজাৰাৰ বাহিৰে মোস্তাফা কামাল  আজহাৰীৰ সৈতে সকলো মিডিয়াযোগে লিখা-মেলা বন্ধ কৰিবলৈ আহলে ছুন্নত ৱাল যামাআতৰ সকলোকে অনুৰোধ জনায়৷ ইয়াৰ উপৰিও মোস্তাফা কামাল আৰু তেখেতৰ সাংগোপাংগো সকলক ছ’চিয়েল মিডিয়াৰ যোগেদি হওক অন্য মাধ্যমযোগে হওক আহলে ছুন্নত ৱাল যামাআতৰ বুযুৰ্গানে দ্বীন, আলিম তথা সাধাৰণ ব্যক্তিক কোনোধৰণে যাতে তুচ্ছতাছিল্য নকৰে তাৰ বাবে সঁকিয়াই দিয়া হ’ল৷ অন্যথা আমি আইনগত ব্যৱস্থা ল’বলৈ বাধ্য থাকিম৷ মস্তোফা কামাল আজহাৰীৰ জ্ঞাতাৰ্থে আৰু সমগ্ৰ অসমবাসী মুছলমান ৰাইজলৈ এই বাৰ্তা প্ৰেৰণ কৰা হ’ল৷ এই কথা সদৰী কৰি ৰাজা ফাউণ্ডেশ্যন, অসমৰ সভাপতি মৌলানা আলহাজ আজিমুদ্দিন আহমেদ ৰেজৱীয়ে কাকতলৈ এক প্ৰেছ বিজ্ঞপ্তি প্ৰেৰণ কৰে৷

Related Articles