মৰিগাঁও জিলাৰ জাগীৰোড থানৰ আৰক্ষীয়ে ১১ জুলাইৰ নিশা এটা জুৱাৰ ঘাটি উৎখাত কৰাৰ লগতে এগৰাকী মহিলা সহ তিনি জুৱাৰীক গ্ৰেপ্তাৰ কৰাৰ লগতে নগদ ধন আৰু জুৱাৰৰ কিছু সামগ্ৰী জব্দ কৰিছে।উল্লেখ্য যে এক গোপন খবৰৰ ভিত্তিত কালি নিশা জাগীৰোড থানাৰ উপ পৰিদৰ্শক সীমান্ত পাঠকৰ নেতৃত্বত যোৱা আৰক্ষীৰ এটা দলে জাগীৰোডৰ ন খোলা গ্ৰাণ্টত এটা বৃহৎ জুৱাৰৰ ঘাটি উৎখাত কৰাৰ লগতে নিশাই খেদি খেদি তিনিটা জুৱাৰীক আৰু জুৱাৰ ঘাটি বঢ়াবলৈ সুযোগ দিয়া গৃহস্থৰ এগৰাকী মহিলাকো গ্ৰেপ্তাৰ কৰি থানালৈ লৈ যায়।আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা জুৱাৰী কেইটা হৈছে ন খোলা গ্ৰাণ্টৰ ছাইফুল ইছলাম, হিল্লাল আলী, আবুল কালাম আৰু হিল্লাল আলীৰ পত্নী জুৰেনা খাতুন।জানিব পৰা মতে, ন খোলা গ্ৰাণ্টৰ জুৰেনা খাতুনৰ ঘৰত মাহে ২০ হাজাৰ টকাৰ বাবদ জুৱাৰ খেল পাতিবলৈ এটা কোঠা ভাড়াত চলাই আহিছিল। কোভিড প্ৰট’কল ভংগ কৰি স্থানীয় এই মহিলা গৰাকীৰ ঘৰত দীৰ্ঘদিনৰ পৰা এই জুৱাৰ আদ্দা চলি আছিল ।ইফালে নিশা আৰক্ষীৰ যোৱাৰ উমান পাই জুৱাৰীৰ দলটো পলাবলৈ চেষ্টা কৰে যদিও খেদি খেদি আৰক্ষীয়ে কৰায়ত্ত কৰে তিনি জুৱাৰীৰ লগতে মহিলা গৰাকীক । অৱশ্যে আন্ধাৰৰ সুযোগ লৈ আন কেইবাটাও জুৱাৰী পলাই যায় । আৰক্ষীয়ে জুৱাৰীৰ কৱলৰ পৰা টাচ পাত , নগদ ৩,০৭০ টকা , কেতবোৰ আপত্তিজনক সামগ্ৰী উদ্ধাৰ কৰে।

