যোৰহাটৰ চিলড্ৰেণ হমৰ পৰা সন্ধানহীন চাৰি কিশোৰ

যোৰহাট মালৌআলিৰ বৰদা ফুকন পথত থকা শংকৰ মাধৱ কৃষ্টি বিকাশ কেন্দ্ৰ নামৰ শিশু গৃহটোৰ পৰা সন্ধানহীন হয় চাৰিটাকৈ কিশোৰ| য়ংগাৰ চাংটাম(১৩), চু্ল্লি চাংটাম (১০), ৰাজা সাহানী (১৩) আৰু পোহৰ গোৱালা(১২) নামৰ কিশোৰ কেইজন যোৱা দেওবাৰে পুৱাৰ পৰা সন্ধানহীন হৈ আছে| জানিব পৰা মতে দেওবাৰে পুৱা শিশু গৃহটোৰ পিছফালৰ গ্ৰীলৰ তলা ভাঙি পলাই যায় কিশোৰ কেইজন|দেওবাৰে পুৱা যোগৰ অনুশীলন কৰিবৰ বাবে শিশু সকলক শিশু গৃগটোৰ তত্বাৱধায়কে আহিবলৈ কোৱাৰ পিছতে পুৱা প্ৰায় ৬-৪৫ বজাত পলাই যায় কিশোৰ কেইজন| ঘটনা সন্দৰ্ভত শিশুগৃহ কতৃপক্ষই যোৰহাট সদৰ থানাত এজাহাৰ দাখিল কৰিছে আৰু যোৰহাট আৰক্ষীয়ে  কিশোৰ কেইজনৰ সন্ধানত জোৰদাৰ অভিযান  আৰম্ভ কৰিছে যদিও এই পৰ্য্যন্ত কোনো শুংসুত্ৰ উলিয়াব পৰা নাই| উল্লেখযোগ্য যে শংকৰ মাধৱ কৃষ্টি বিকাশ কেন্দ্ৰ নামৰ শিশু গৃহটো ৰাজ্য চৰকাৰৰ  সমাজ কল্যান বিভাগৰ অধীনৰ এটা শিশু গৃহ| শিশু গৃহটোত নিৰাপত্তাৰক্ষী আছিল যদিও উক্ত দিনা পুৱা ৬ বজাত কৰ্তব্য শেষ কৰি উভটি গৈছিল| নিৰুদ্দেশ হৈ থকা কিশোৰ কেইজনৰ ২ জন নাগালেণ্ডৰ মোককচাংৰ বুলি জানিব পৰা গৈছে|আনহাতে কিশোৰ কেইজনৰ সম্ভেদ পালে যোৰহাট আৰক্ষীৰ লগত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে শিশুগৃহ কতৃপক্ষই| বাতৰি যুগুত কৰা পৰলৈকে  শিশু কেইটাৰ সন্ধান ওলোৱা নাই বুলি জানিব পৰা গৈছে ।

Related Articles