চৰম নৈৰাজ্যই ছানি ধৰিছে ফ্ৰান্সক। (France) ফ্ৰান্সত এতিয়া ৰাজনৈতিক উত্তাল পৰিস্থিতিৰ সৃষ্টি হৈছে। দেশজোৰা প্ৰতিবাদে ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰনৰ প্ৰতি নতুন প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছে। বুধবাৰে সমগ্ৰ ফ্ৰান্সত বিক্ষোভৰ সূচনা হয়, কাৰণ বাজেট কৰ্তনৰ প্ৰস্তাৱ আৰু ৰাজনৈতিক শ্ৰেণীৰ প্ৰতি ক্ৰমাৎ বৃদ্ধি পোৱা মোহভংগক লৈ প্ৰতিবাদকাৰীসকলে ক্ষোভিত হৈ “সকলো প্ৰতিৰোধ ” কৰাৰ চেষ্টা কৰে। নিৰাপত্তা বাহিনীয়ে হস্তক্ষেপ কৰাৰ পূৰ্বেই কেইবাখনো চহৰত পথত বেৰিকেড লগোৱা, জাবৰ-জোঁথৰৰ দমত জ্বলাই লগাই দিয়া হয় । ফলত যাতায়ত স্থবিৰ হৈ পৰে।পেৰিছত আৰক্ষীয়ে কন্দুৱা গেছ ব্যৱহাৰ কৰি ভিৰ ছত্ৰভংগ দিয়াৰ বিপৰীতে অগ্নিনিৰ্বাপক বাহিনীয়ে অস্থায়ী বেৰিকেডৰ কাষৰ পৰা জ্বলি যোৱা ধ্বংসাৱশেষ আঁতৰাই পেলায়। কৰ্তৃপক্ষই জনোৱা মতে, কেৱল ৰাজধানীতে কমেও ১৩২ জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে, দেশজুৰি প্ৰায় ২০০ লোকক আটক কৰা হৈছে।
দেশ খনৰ চৰকাৰে সমগ্ৰ দেশতে ৮০ হাজাৰ আৰক্ষী নিয়োগ কৰিছে। আৰক্ষীয়ে কয় যে লায়ন, মাৰ্চেইল, নান্টেছ, মণ্টপেলিয়াৰৰ দৰে ডাঙৰ চহৰৰ কেন্দ্ৰসমূহত ব্যাঘাত জন্মিলেও দেশখন স্তব্ধ হৈ পৰা নাই। ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰনে চেবাষ্টিয়ান লেকৰ্ণুক দুবছৰৰ কম সময়ৰ ভিতৰত ফ্ৰান্সৰ পঞ্চমজন প্ৰধানমন্ত্ৰী হিচাপে নিযুক্তি দিয়াৰ লগে লগে বিৰোধী দল বিশেষকৈ বাওঁপন্থীৰ মাজত ক্ষোভৰ সৃষ্টি হয় । বহু বিক্ষোভকাৰীয়ে এই পছন্দক মেক্ৰনৰ ৰাজনৈতিক বিভাজন দূৰ কৰিবলৈ গ্ৰহণ কৰা পদক্ষেপ হিচাবে গণ্য কৰিছে। শেহতীয়াকৈ ছ’চিয়েল মিডিয়াত আৰম্ভ হৈছিল “ব্লক’নছ টাউট” (“ব্লক এভাৰিথিং”) অভিযানে এনক্ৰিপ্ট কৰা বাৰ্তা প্ৰেৰণ চেনেলৰ জৰিয়তে সম্প্ৰসাৰিত হৈছিল। বুধবাৰে প্ৰতিবাদৰ আয়োজকসকলে গণ অৱৰোধ, ধৰ্মঘট আৰু বিক্ষোভৰ আহ্বান জনাইছিল ।

