দৰঙৰ বালুগাও(আলিকাষ) বজাৰত অবৈধ ভাৱে নিৰ্মাণ কৰা পকী দোকান ঘৰ সমুহ উচ্ছেদ কৰাৰ বাবে সংগঠনৰ দীৰ্ঘদিনীয়া দাবীত জিলা প্ৰশাসনে উচ্ছেদ অভিযান চলায় যদিও উচ্ছেদৰ নামত ভেকো-ভাওনা কৰাৰ অভিযোগ ইত্তেহাদ ফ্ৰন্ট অসম ৰাজ্যিক সমিতিৰ সভাপতি নুৰ ইছলামৰ। একাংশ দালাল চক্ৰই বজাৰখনত অবৈধভাৱে নিৰ্মাণ কৰা পকী দোকানৰ ফলত যান যটকে আদি কৰি দেখা দিছিল বিভিন্ন সমস্যাৰ। দলগাও ৰাজহ চক্ৰ বিষয়াই অবৈধ দোকানৰ বিৰূদ্ধে জাননী দি কিছু সংখ্যক দোকান উচ্ছেদ কৰি সামৰণি মাৰিলে উচ্ছেদ অভিযানৰ ।বালুগাওৰ(আলিকাষ) বজাৰত থকা অবৈধ দোকান সমুহ সম্পূৰ্ণ ভাৱে উচ্ছেদৰ দাবীত ইত্তেহাদ ফ্ৰন্ট অসম ৰাজ্যিক সমিতিৰ সভাপতি নুৰ ইছলাম আৰু সাধাৰণ সম্পাদক বাহাৰুল আমিনৰ স্বাক্ষৰিত এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে ৰাজ্যৰ মূখ্যমন্ত্ৰী, মূখ্য সচিবলৈ । স্মাৰক পত্ৰখনত উল্লেখ কৰা অনুসৰি বালুগাও বজাৰত অবৈধ ভাবে বেদখল কৰি প্ৰায় তিনিশ ঘৰ বিভাগীয় অনুমতি অবিহনে পকা ঘৰ সাজি বজাৰৰ মাটি বেদখল কৰিছে একাংশ অসাধু লোকে।অনূৰূপ ভাবে বেছিমাৰী দৈনিক আৰু সাপ্তাহীক বজাৰখনতো বজাৰৰ মাটি বেদখল কৰি বিভাগীয় অনুমতি নোলোৱাকৈ বলপূৰ্বক ভাবে পকা ঘৰ, বিল্ডিং নিৰ্মাণ কৰি বজাৰৰ গলি আৰু নলা সমূহ বন্ধ কৰাৰ ওপৰিও ১৫ নং ৰাষ্ট্ৰীয় ঘাই পথৰ পৰা দৈপাম সংযোগী পথৰ কাষত ঘৰৰ সমুহ বাৰান্দা আগুৱাই ৰাস্তাৰ মাটী বেদখল কৰি বিভাগীয় অনুমতি অবিহনে পকা ঘৰ,বিল্ডিং নিৰ্মাণ কৰি ৰাস্তাটো চাপৰ কৰি পেলোৱাত প্ৰচুৰ যান-যটৰ সৃষ্টি হোৱাৰ লগতে এজাক বৰষুণত কৃত্ৰিম বানৰ সৃষ্টি হয় বজাৰ খনত।এই সন্দৰ্ভত ইত্তেহাদ ফ্ৰন্ট, আমছু,এন এছ ইউ আই আদি সংগঠন সমূহে বজাৰ সুৰক্ষা সমিতি গঠন কৰি দৰং জিলা উপায়ুক্তক স্মাৰক পত্ৰ দাখিল কৰাত জিলা উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকে বজাৰ দুখন পৰিদৰ্শন কৰি উপায়ুক্তই অবৈধ বেদখল মুক্ত কৰাৰ কথা ঘোষনা কৰিছিল যদিও কাৰ্যকৰী ব্যৱস্থা হাতত নোলোৱাৰ বাবে ইত্তেহাদ ফ্ৰন্টৰ অসম ৰাজ্যিক সমিতিয়ে মূখ্যমন্ত্ৰী, মূখ্য সচিবলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰাৰ পিছত মূখ্য সচিবে জিলা উপায়ুক্তক বেদখল মুক্ত কৰাৰ বাবে নিৰ্দেশনা প্ৰদান কৰিছিল যাৰ ফলত দলগাও ৰাজহ চক্ৰ বিষয়াই বালুগাওৰ (আলিকাষ) বজাৰখনত অবৈধভাৱে নিৰ্মাণ কৰা প্ৰায় আঢ়ৈ শতাধিক দোকানীৰ বিৰূদ্ধে জাননী প্ৰেৰণ কৰে ।তাৎপৰ্যপূৰ্ণ কথা হল বজাৰৰ একাংশ সৰু সুৰা দোকান উচ্ছেদ কৰি প্ৰভাৱশালী লোকৰ অবৈধ পকী দোকান সমুহ উচ্ছেদৰ পৰা ৰেহাই দিয়ে দলগাও ৰাজহ চক্ৰ বিষয়াজনে । বেদখল মুক্ত কৰাৰ দাবীত চিঞৰ বাখৰ কৰা একাংশ দল সংগঠন এতিয়া নিমাত কিয় ? নে বৃহৎ পৰিমাণৰ ধনৰ বিনিময়ত চকু মুদা কুলিৰ ভাও ধৰি আছে দল সংগঠনে। তাকে লৈ ৰাইজৰ মাজত ব্যাপক চৰ্চা লাভ কৰিছে।
আলিকাষ(বালুগাও) বজাৰত আংশিক ভাবে উচ্ছেদ কৰি সৰহ সংখ্যাক অবৈধ গৃহ উচ্ছেদ নকৰাত পূণৰ সংগঠনটোৱে চলিত জুলাই মাহৰ ২৫ তাৰিখে ৰাজ্যৰ মূখ্য সচিবলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে।স্মাৰক পত্ৰত উল্লেখ কৰা অনুসৰি বৃহৎ অংকৰ লেনেদেনৰ বাবে দলগাও ৰাজহ চক্ৰ বিষয়াই বালুগাও(আলিকাষ) বজাৰৰ কিছু অংশ উচ্ছেদ কৰি সৰহ সংখ্যাক অবৈধ গৃহ উচ্ছেদৰ পৰা ৰেহাই দিয়াৰ সন্দেহ হোৱা বুলি কোৱাৰ লগতে সমগ্ৰ বিষয়টোৰ উচ্চ পৰ্যায়ৰ তদন্তৰ লগতে আলিকাষ(বালুগাও) বজাৰ খন সম্পূৰ্ণ ভাবে বেদখল মুক্ত কৰিবলৈ দাবী জনায় সংগঠটোৱে।
উচ্ছেদৰ নামত ভেকো-ভাওনা দলগাও ৰাজহ চক্ৰ বিষয়াৰ

