বিটিচিৰ শ্ৰম আৰু কল্যাণ বিভাগৰ উদ্যোগত এন্আৰডিএছ গ্ৰুপৰ সহযোগত ওদালগুৰিত বিনামূলীয়া কম্পিউটাৰ, ড্ৰাইভিং প্ৰশিক্ষণৰ কেন্দ্ৰ মুকলি। গঠনমূলক কামেৰে সমাজ পৰিৱৰ্তন হ’ব – সঞ্জিত তাঁতী…

গঠনমূলক কামেৰে সমাজ পৰিৱৰ্তন হ’ব। আমি কাম কৰিব লাগিব আৰু সমাজখন এনেকৈয়ে পৰিৱৰ্তন হ’ব। সমাজখনক আগুৱাই নিবলৈ আমাৰ চিন্তা -চৰ্চাৰ মানদণ্ড উন্নত কৰিব লাগিব। আমি এনে কিছুমান উন্নয়নৰ কৰ্ম কৰিব লাগিব যাতে সন্তানক লৈ পিতৃ-মাতৃয়ে গৌৰৱ কৰিব পাৰে। এই গুৰুত্বপূৰ্ণ মন্তব্য মুখ্য অতিথি তথা বিটিচিৰ কাৰ্য্যবাহী সদস্য সঞ্জিত তাঁতীৰ। আজি বিটিচিৰ শ্ৰম আৰু কল্যাণ বিভাগৰ উদ্যোগত আৰু এনআৰডিএছ গ্ৰুপৰ সহযোগত ওদালগুৰি জিলাৰ ভাৰত-ভূটান সীমান্তৱৰ্তী হাতীগড়ত বিনামূলীয়া কম্পিউটাৰ আৰু টেক্সি ড্ৰাইভিং প্ৰশিক্ষণ কেন্দ্ৰ মুকলি কৰি এই মন্তব্য আগবঢ়াই ইএম সঞ্জিত তাঁতীয়ে।

শতাধিক ছাত্ৰ -ছাত্ৰী আৰু ৰাইজক উদ্দেশ্যি প্ৰদান কৰা ভাষণত তাঁতীয়ে আৰু কয় যে আমি নিজকে সংস্থাপিত হোৱাৰ যোগ্যতা অৰ্জন কৰিব লাগে। লগতে শিক্ষাৰ সকলো স্তৰতে স্বাৱলম্বী বা আত্মনিৰ্ভৰশীল হোৱাৰ সুযোগ থাকে, মাত্ৰ আমি ইয়াক সৎ ব্যৱহাৰ কৰিব জানিব লাগে। তেওঁ আৰু কয় যে যেনেকৈ কামৰ কোনো লিংগ বৈষম্য নাথাকে ঠিক তেনেদৰে কামৰ সৰু-বৰ নাথাকে। আমি পিতৃ-মাতৃৰ জীৱিকাক লৈ লাজ নকৰি গৌৰৱ কৰিব লাগে বুলি তাঁতীয়ে ভাষণ প্ৰসংগত উল্লেখ কৰে। এনআৰডিএছ গ্ৰুপৰ পৰিচালন সঞ্চালক সুধীৰ সৰকাৰে উক্ট অনুষ্ঠানত ছাত্ৰ- ছাত্ৰী আৰু ৰাইজক উদ্দেশ্যি দিয়া ভাষণত কয় যে আমাৰ শিক্ষাৰ্থীসকলে সদায় এটা শুদ্ধ পথেৰে শিক্ষাজীৱন আগবঢ়াই দিব লাগে। শিক্ষা আৰু সংস্থাপনৰ ক্ষেত্ৰত এনআৰডিএছ গ্ৰুপৰ বিস্তৃত তথ্য দাঙি ধৰি যিকোনো কামৰ প্ৰতি সেৱাৰ মনোভাৱ থাকিলে আমাৰ নতুন প্ৰজন্মই উন্নতিৰ শিখৰলৈ বগাব পাৰিব। ইয়াৰ বাবে শিক্ষা অপৰিহাৰ্য বুলি নিজৰ ভাষণত উল্লেখ কৰে।উক্ত বিনামূলীয়া প্ৰশিক্ষণ কেন্দ্ৰৰ মুকলি অনুষ্ঠানত অতিথিৰূপে অংশগ্ৰহণ কৰি হৰিশিঙা আঞ্চলিক গোৰ্খা ছাত্ৰ সন্থাৰ সভাপতি দীপক বিশ্বকৰ্মা , ননৈ চেৰফাং টিএলচিচিৰ অধ্যক্ষ দীপক সুচানী , স্থানীয় আটছা নেতা সুৰেশ কৰ্মকাৰ, সাংবাদিক দিগন্ত কুমাৰ শৰ্মা, সমাজসেৱক বিজয় নায়কে ৰাইজক উদ্দেশ্যি চমু ভাষণ প্ৰদান কৰে।

ঊল্লেখযোগ্য যে বিটিচিৰ শ্ৰম আৰু কল্যাণ বিভাগৰ উদ্যোগত আৰু এনআৰডিএছ গ্ৰুপৰ সহযোগত হাতীগড়ৰ উপৰিও জিলাখনৰ ভাৰত- ভূটান সীমান্তৱৰ্তী বামুণজুলিতো এশগৰাকী শিক্ষাৰ্থীৰ বাবে বিনামূলীয়া কম্পিউটাৰ প্ৰশিক্ষণ কেন্দ্ৰটো বিটিচিৰ কাৰ্যবাহী সদস্য সঞ্জিত তাঁতীয়ে উদ্বোধন কৰি উদ্বোধনৰ অন্তত স্থানীয় ৰাইজ আৰু শিক্ষাৰ্থীৰ সৈতে মত বিনিময় কৰে।কাৰ্যবাহী সদস্য সঞ্জিত তাঁতী আৰু এনআৰডিএছ গ্ৰুপৰ পৰিচালন সঞ্চালক সুধীৰ সৰকাৰৰ এনে গঠনমূলক কাৰ্যৰ বাবে ৰাইজে শলাগ জ্ঞাপন কৰে।

Related Articles