ভেৰগাঁৱৰ গৰুৱাঝাৰত বিনামূলীয়া চকু চিকিৎসা সেৱা

ভেৰগাঁৱৰ গৰুৱাঝাৰত বিনামূলীয়া চকু চিকিৎসা সেৱা।ননৈ চেৰফাং পৰিষদীয় সমষ্টি ভিচিডিচিৰ অন্তৰ্গত অঞ্চল সমূহত চকু চিকিৎসা সেৱা প্ৰদান।মানৱ শৰীৰত দৈনিক বৃদ্ধি পায় আহিছে বিভিন্ন ৰোগৰ সংক্ৰমণ । ভেজাল খাদ্যয় সংকুচিত কৰিছে মানুহৰ ৰোগ প্ৰতিৰোধ ক্ষমতা । মানৱ শৰীৰৰ আটাইতকৈ গুৰুত্বপূৰ্ণ অংগ সমূহৰ ভিতৰত চকু হৈছে এটা প্ৰধান অংগ । ভেজাল তথা ঔষধিযুক্ত খাদ্য সেৱনৰ ফলত বিশেষকৈ শিশুৰ পৰা আৰম্ভ কৰি বৃদ্ধ লোকলৈ ভয়াৱহভাবে বিয়পিছে চকুৰ ৰোগ । বিশেষকৈ ভাৰত-ভূটান সীমান্তৰ পাহাৰৰ দাতি কাষৰীয়া অঞ্চল সমূহত মাৰাত্মকভাবে চকুৰ ৰোগে দেখা দিব ধৰিছে ।

চকুৰ বিনামূলীয়া চিকিৎসাৰ উদ্দেশ্যেৰে ওদালগুৰিৰ ননৈ চেৰফাং পৰিষদীয় সমষ্টিৰ ইএম সঞ্জিৎ তাঁতীয়ে ৰাইজৰ সুবিধাৰ্থে নিজৰ গাঁঠিৰ ধন খৰচ কৰি আয়োজন কৰিছে চকু চিকিৎসাৰ সেৱা । ননৈ চেৰফাং পৰিষদীয় সমষ্টিৰ ইএম সঞ্জিৎ তাঁতীৰ উদ্যোগত আৰু দিল্লীৰ VISION SPRING N.G.O. ৰ দ্বাৰা মহাৰাষ্ট্ৰৰ চকু বিশেষজ্ঞৰ দল আনি ১২ টা ভিচিডিচিত ৬ ডিচেম্বৰৰ পৰা আৰম্ভ কৰিছে এই সেৱা । যিহেতুকে ভাৰত-ভূটান সীমান্তৰ পিছপৰা অঞ্চল সমূহৰ ৰাইজে চকু চিকিৎসা কৰিবলৈ দূৰ-দুৰণিলৈ যাব নোৱাৰে তাৰ বাবে এই পদক্ষেপ গ্ৰহণ কৰিছে ইএম সঞ্জিৎ তাঁতীয়ে।

Related Articles