Breaking

বিশ্বনাথৰ ধুলিত বিনামূলীয়া চকু চিকিৎসা শিৱিৰ

0 39

বিশ্বনাথৰ ধুলি অমিয় ভৱনত দৃষ্টি ফাউণ্ডেচনৰ উদ্যোগত তেজপুৰ চকু চিকিৎসালয়ৰ সহযোগত বিনামূলীয়া চকু চিকিৎসা শিৱিৰ অনুষ্ঠিত হয়৷ চিকিৎসা শিৱিৰৰ শুভ উদ্বোধন কৰে বিশ্বনাথৰ বিধায়ক প্ৰমোদ বৰঠাকুৰে৷

২০০ৰো অধিক লোকে চকু চিকিৎসাৰ বাবে নাম পঞ্জীয়ন কৰে৷ উক্ত শিৱিৰত বিশ্বনাথৰ বিধায়ক প্ৰমোদ বৰঠাকুৰে চকু অপাৰেচন কৰিব লগা ১০ জন লোকক চিকিৎসাৰ বাবে আৰ্থিক সাহাৰ্য প্ৰদান কৰিব বুলি ঘোষনা কৰে ৷

উল্লেখ্য যে আৰ্থিক ভাবে দুৰ্বল, চকু চিকিৎসাৰ বাবে অসমৰ্থ লোকসকলৰ প্ৰতি লক্ষ্য ৰাখি এই বিনামূলীয়া চকু চিকিৎসা শিৱিৰৰ আয়োজন কৰা বুলি জানিব পৰা গৈছে৷ চিকিৎসা শিৱিৰত ডাঃ ধ্ৰুৱ কলিতাই ৰোগী সকলক চিকিৎসা প্ৰদান কৰে৷

চিকিৎসা শিৱিৰত স্থানীয় বিধায়ক প্ৰমোদ বৰঠাকুৰ, তেজপুৰ চিকিৎসালয়ৰ চিকিৎসকৰ দল আৰু দৃষ্টি ফাউণ্ডেচনৰৰ সকলো বিষয়ববীয়া আৰু সদস্যসকল উপস্থিত থাকে৷

-ৰমেশ চন্দ্ৰ চৰেণ, বালিচাং

Leave A Reply