লাহৰীঘাটৰ কুশতলিত বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ

যোৱা কালি মৰিগাঁও জিলাৰ লাহৰীঘাটৰ কুশতলিত ভাৰতীয় জনতা পাৰ্টিৰ উদ্যোগত বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ।প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্ম দিৱসৰ লগত সংগতি ৰাখি ভাৰতীয় জনতা পাৰ্টিৰ মৰিগাঁও জিলা সমিতিৰ উদ্যোগত আৰু গেৰুৱা দলটোৰ লাহৰীঘাট সমষ্টিৰ সহযোগত   সমষ্টিটোৰ কুশতলি বালক প্ৰাথমিক বিদ্যালয়ত অনুষ্ঠিত হয় এটি বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ।শিবিৰটোত বানপীড়িত অঞ্চলটোৰ কেইবা শতাধিক লোকে স্বাস্থ্য পৰীক্ষা কৰে।উল্লেখ্য য়ে উন্নত চিকিৎসা সেৱাৰ পৰা বঞ্চিত আৰু বানপীড়িত অঞ্চলটোত গেৰুৱা দলটোৱে অনুষ্ঠিত কৰা স্বাস্থ্য পৰীক্ষাৰ শিবিৰটোত স্বাস্থ্য পৰীক্ষাৰ বাবে শিশুৰ পৰা বৃদ্ধলৈকে আগবাঢ়ি অহা পৰিলক্ষিত হৈছে।

Related Articles