দুটা দশকজুৰি দেশৰ হকে সেৱা আগবঢ়ায় অহা ভাৰতৰ জনপ্ৰিয় প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ৭১ সংখ্যক জন্ম দিৱসৰ লগত সংগতি ৰাখি ৰাজ্যিক BJP য়ে “সেৱা আৰু সমাৰ্পন” নামেৰে ২০ দিনীয়া বিস্তৃত কাৰ্যসূচীৰে পালন কৰা দেখিবলৈ পোৱা গৈছে। ইতিমধ্যে ভাৰতীয় জনতা পাৰ্টীৰ মৰিগাঁও জিলা সমিতিৰ উদ্যোগত আৰু নেশ্যনেল মেডিক’জ অৰ্গেনাইজেশ্বন চমুকৈ NMO সহযোগত ২২,২৩,২৪ ছেপ্টেম্বৰ অৰ্থাৎ জাগীৰোড, মৰিগাঁও, লাহৰিঘাটত বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ অনুষ্ঠিত কৰিছে। উক্ত চিকিৎসা শিবিৰত চিকিৎসা সেৱা আগবঢ়োৱা চিকিৎসক সকল হৈছে ক্ৰমে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ পৰা অহা ডাঃৰক্তিম তামুলী,ডাঃ মৃণাল হালৈ,ডাঃ চিৰঞ্জীৱ কৈৰালা আৰু বঘৰা ৰাজ্যিক চিকিৎসালয়ৰ ডাঃ অমৰজ্যোতি ডেকাই।

