Breaking

মৰিগাঁও চহৰৰ চুলতান নাৰ্ছিং হোমৰ প্ৰশংসনীয় পদক্ষেপ; মৰিগাঁও জিলাৰ আৰক্ষী সকলক বিনামূলীয়াকৈ স্বাস্থ্য পৰীক্ষাৰ কাৰ্যসূচী

0 90

মৰিগাঁও চহৰৰ চুলতান নাৰ্ছিং হোমৰ প্ৰশংসনীয় পদক্ষেপ; কাৰণ আজিৰে পৰা শুভাৰম্ভ কৰিছে মৰিগাঁও জিলাৰ আৰক্ষী সকলক বিনামূলীয়াকৈ স্বাস্থ্য পৰীক্ষাৰ কাৰ্যসূচী। আজি অৰ্থাৎ ৭ৰ পৰা ২৮ ফেব্ৰুৱাৰী ২০২৩ লৈ বিনামূলীয়া স্বাস্থ্য পৰীক্ষা কৰিবলৈ দায়িত্ব লৈছে চুলতান নাৰ্ছিং হোমে।

কিয়নো আৰক্ষী সকলে সমাজৰ বাবে দিনে-নিশাই পৰিশ্ৰম কৰিব লাগে। তেওঁ লোকৰ স্বাস্থ্য ভালে থাকিলেহে সমাজৰ হকে কাম কৰিব পাৰিব। এই সৎ উদ্দেশ্য আগত ৰাখিয়ে উক্ত শুভ কাৰ্যৰ শুভাৰম্ভ কৰে।

স্বাস্থ্য পৰীক্ষা কাৰ্যসূচীৰ শুভ উদ্বোধন কৰে জিলা আৰক্ষী অধীক্ষক হেমন্ত কুমাৰ দাসদেৱে। আজি প্ৰথম দিনাই মৰিগাঁও জিলা আৰক্ষী চাউনী এম আই ৰোমৰ নাৰচিঙশুক্ল কাকতীয়ে ৫ জন আৰক্ষী জোৱানক উক্ত চিকিৎসাৰ বাবে লগত লৈ চিকিৎসা প্ৰদান কৰায়।

উল্লেখ্য যে প্ৰতি দিনাই ৫ জনকৈ আৰক্ষী জোৱানক স্বাস্থ্য পৰীক্ষা কৰিব চুলতান নাৰ্ছিং হোমে।

Leave A Reply