অসম স্বাস্থ্যসেৱা সমবায় সমিতিৰ উদ্যোগত সহকাৰ ভাৰতী, অসম প্ৰদেশ আৰু বাপুজী পাঠাগাৰ,শালমাৰাৰ সহযোগত বেজেৰা নিকটবৰ্তী শালমাৰা প্ৰাথমিক বিদ্যালয় চৌহদত এটা বিনামূলীয়া বিশেষ স্বাস্থ্য পৰীক্ষা আৰু চিকিৎসা শিবিৰ অনুষ্ঠিত কৰি হয়৷
শিবিৰটো আনুষ্ঠানিক ভাৱে উদ্বোধন কৰে কামৰূপ জিলাৰ অতিৰিক্ত উপাযুক্ত সিদ্ধাৰ্থ গোস্বামীয়ে। বিনামূলীয়া বিশেষ স্বাস্থ্য পৰীক্ষা আৰু চিকিৎসা শিৱিৰটোত উপস্থিত থাকে বিশিষ্ট চিকিৎসক (ইংলেণ্ড)তথা অসম স্বাস্থ্যসেৱা সমবায় সমিতিৰ অধ্যক্ষ ডা: জয়ন্ত বিশ্ব শৰ্মা।

বিনামূলীয়া বিশেষ স্বাস্থ্য পৰীক্ষা আৰু চিকিৎসা শিৱিৰটোত যথেষ্ট সংখ্যক লোকে চিকিৎসাসেৱা লাভ কৰে।

মান্দাকাটাৰ পৰা ইফ্তাজুল হকৰ প্ৰতিবেদন

