বিপদৰ বন্ধুহে প্ৰকৃত বন্ধুঃ বিপদৰ সময়ত অশ্বিনৰ কাষত ৰোহিত…

মাতৃৰ অসুস্থতাৰ কথা শুনি কান্দি উঠিছিল ভাৰতীয় ক্ৰিকেটা ৰবিচন্দ্ৰন অশ্বিন। শান্তনা দিলে অধিনায়ক ৰোহিত শৰ্মাই। অশ্বিনে নিজৰ ইউটিউব চেনেলত সেইদিনাৰ ঘটনাৰ ওপৰত আলোকপাত কৰিছে। তেওঁ ক’লে, “ৰোহিতৰ মনোভাৱ দেখি মই বাকৰুদ্ধ হৈ পৰিলোঁ।” টেষ্টৰ দ্বিতীয় দিনা ৫০০ উইকেটৰ মাইলৰ খুঁটিত উপনীত হোৱাৰ পিছত ঘৰলৈ আহি মাকৰ অসুস্থতাৰ খবৰ পালে ৰবিচন্দ্ৰন অশ্বিনে। এই কথা শুনি অশ্বিনে চকুপানী ৰখাব নোৱাৰিলে। বিচনাত বহি সি কান্দিবলৈ ধৰিলে। কি কৰিব সি বুজিব পৰা নাছিল। তাৰ পাছত অধিনায়ক ৰোহিত শৰ্মা আৰু প্ৰশিক্ষক ৰাহুল দ্ৰাবিড় ঘৰলৈ আহিছিল। ৰোহিতে আহি স্পষ্টকৈ ক’লে, “তুমি এতিয়াও বহি আছে? এতিয়াই চেন্নাইলৈ যোৱা।” অশ্বিনে কেপ্তেইনৰ কথা শুনি ধন্য হৈ পৰিল।

ৰোহিতৰ মহানুভৱতা দেখি অশ্বিনে ক’লে তেওঁৰ মাজত এজন মহান নেতা দেখিছোঁ, বৰ মৰমিয়াল ৰোহিত। সেইবাবেই ভগৱানে তেওঁক ইমানখিনি দিছে, য’ত পাঁচটা আই পি এলৰ ট্ৰফীও আছে। জীৱনত আৰু আগবাঢ়ি যাওক ৰোহিত। তাৰ বাবে মই মোৰ প্ৰাণ দিব পাৰো।” তৃতীয় দিনা খেলপথাৰত প্ৰৱেশ কৰিব নোৱাৰিলে অশ্বিনে। চেন্নাইলৈ উভতি গ’ল বেমাৰী মাকক চাবলৈ। লগতে অশ্বিনে চেতেশ্বৰ পূজাৰাক চাৰ্টাৰ্ড বিমানৰ ব্যৱস্থা কৰা বাবে ধন্যবাদ জ্ঞাপন কৰে।

Related Articles