আজি বন্ধুত্ব দিৱসঃ আপোনাক পাহৰি যোৱা আৰু (Friendship Day 2025) নতুন বন্ধুক কেনেকৈ শুভেচ্ছা জনাব।
বন্ধুত্ব দিৱস কেৱল এটা দিন নহয়, এই দিনটো সম্পৰ্কবোৰ অনুভৱ কৰাৰ এটা বিশেষ দিন। বন্ধুত্ব হৃদয়ত থকা এটি সম্পৰ্ক, য’ত নাথাকে তেজৰ সম্পৰ্ক। থাকে মাথোঁ মনল মিলন। বন্ধুত্বই সেই বিশেষ বন্ধন যিয়ে আমাক হাঁহিবলৈ শিকাই, পৰিলে আমাক চম্ভালি লয় আৰু নিসংগতাত আটাইতকৈ লগ দিয়ে বন্ধুয়ে। গতিকে এই বন্ধু দিৱসত আপোনাৰ বিশেষ বন্ধুক জনাওক শুভেচ্ছা।
প্ৰতিবছৰে ৩ আগষ্ট ‘বন্ধুত্ব দিৱস’ উদযাপন কৰা হয়। এই বন্ধুত্ব দিৱসত আহক আমি সেই বন্ধুসকলক আকোৱালি লওঁ যিসকল আমাৰ হাঁহিৰ আঁৰৰ কাৰণ আৰু চকুলোৰ সময়ত শক্তি।
১/ খং উঠিলে কোনে হাঁহিব, গুচি গ’লে কোন থাকিব,
মনে মনে থাকিলে মোৰ ভয় লাগে, কোনে মোক এতিয়া মোৰ বুলি ক’ব।
বন্ধুত্ব দিৱসৰ শুভেচ্ছা থাকিল!
২/ তোমাৰ অবিহনে জীৱনটো যেন অসম্পূৰ্ণ,
তোমাৰ লগত প্ৰতিটো সময়েই মৰমলগা যেন লাগে,
অ’ বন্ধু, তুমি সদায় এনেকৈ মোৰ লগত থাকা,
বন্ধুত্ব দিৱসৰ শুভেচ্ছা থাকিল!
৩/ তোমাৰ বন্ধুত্ব মোৰ বাবে ফুলৰ দৰে,
যাৰ ফলত মোৰ জীৱনটো সুগন্ধি হৈ পৰিছিল।
বন্ধুত্ব দিৱসৰ শুভেচ্ছা থাকিল মোৰ বন্ধু!
৪/ প্ৰতিদিনে বহুত মানুহ লগ পাওঁ,
কিন্তু তেওঁলোকৰ সৈতে প্ৰতিটো সম্পৰ্ক বিশেষ নহয়,
তোমাক লগ পোৱাৰ সময়ত মই নাজানো কেনেকৈ কেৱল তোমাৰ লগত আকৃষ্ট হৈ থাকিলোঁ,
আৰু এইটো মোৰ জীৱনৰ এক অতি বিশেষ কথা।
বন্ধুত্ব দিৱসৰ শুভেচ্ছা থাকিল বন্ধু!
৫) ঈশ্বৰে তেজৰ সম্পৰ্কত বান্ধিবলৈ পাহৰি যোৱাসকলক প্ৰকৃত বন্ধু কৰি নিজৰ ভুল শুধৰাই দিয়ে।
বন্ধুত্ব দিৱসৰ শুভেচ্ছা থাকিল!

