Breaking

অক্ষয় কুমাৰৰ পৰা শিল্পা শেট্টীলৈকে সকলো ব্যস্ত গণেশ চতুৰ্থীত…

0 53

আজি গণেশ চতুৰ্থী। সকলোৱে গণপতি বাপ্পাক আদৰণি জনোৱাত মগ্ন হৈ পৰিছে। চেলিব্ৰিটিসকলেও বাপ্পাক পূজা কৰাত ব্যস্ত হৈ পৰিছে। প্ৰতি বছৰৰ দৰে এইবাৰো মুম্বাইত বিশেষ ভাৱে গণেশ চতুৰ্থী উদযাপন কৰা হৈছে। এই বাবেই বলীউডৰ চেলিব্ৰিটিসকলেও এই উৎসৱ অতি উৎসাহেৰে উদযাপন কৰে। এই বিশেষ অনুষ্ঠানত অক্ষয় কুমাৰৰ পৰা শিল্পা শ্বেট্টীলৈকে বলীউডৰ তাৰকাসকলে ছ’চিয়েল মিডিয়াত গণেশ চতুৰ্থীৰ বাবে অনুৰাগীসকলক অভিনন্দন জনাইছে।

অক্ষয় কুমাৰে নিজৰ টুইটাৰ হেণ্ডেলত গণেশ চতুৰ্থীৰ শুভেচ্ছা জনাইছে।

গণপতিৰ ফটোখন তেওঁৰ ইনষ্টা ষ্ট’ৰীত শ্বেয়াৰ কৰি অনুৰাগীসকলক গণেশ চতুৰ্থীৰ শুভেচ্ছা জনাইছে সিদ্ধাৰ্থ মালহোত্ৰাই।

প্ৰতি বছৰৰ দৰে শিল্পা শ্বেট্টীয়েও এইবাৰো গণপতি বাপ্পাক ঘৰত আদৰণি জনাইছে। গণপতি বাপ্পাৰ সৈতে তেওঁৰ ইনষ্টা ষ্ট’ৰীত এখন ছবি শ্বেয়াৰ কৰিছে।

সুনীল শ্বেট্টীয়ে তেওঁৰ টুইটাৰ হেণ্ডেলত বাপ্পাৰ সুন্দৰ ছবি শ্বেয়াৰ কৰিছে। ইয়াৰ লগতে তেওঁৰ অনুৰাগীসকলক গণেশ চতুৰ্থীৰ বাবে আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছে। সঞ্জয় দত্ত আৰু অনুষ্কা শৰ্মাইও গণেশ চতুৰ্থীৰ শুভেচ্ছা জনাইছে।

Leave A Reply