বৰপেটাৰ বহৰিৰ হৰ্পুৰত আজি চেঙাৰ বিধায়ক আশ্ৰাফুল হুছেইনে এখন পানী যোগান আঁচনি মুকলি কৰে ৷ জল জীৱন আচনিৰ জৰিয়তে ঘৰে ঘৰে নল ,ঘৰে ঘৰে জল শীৰ্ষক কেন্দ্ৰীয় চৰকাৰৰ অভিলাষী আঁচনি অনুসৰি আজি বিধায়কগৰাকীয়ে পানী যোগান আচনিখন মুকলি কৰে ৷ পানী যোগান আচনিখন মুকলি উপলক্ষে অনুষ্ঠিত এখন সভাত অংশগিৰহন কৰি বিধায়কগৰাকীয়ে প্ৰদান কৰা ভাষণত উক্ত আঁচনিখনৰ জৰিয়তে অঞ্চলটেৰ ৰাইজ উপকৃত হব বুলি মন্তব্য কৰে ৷ বিধাষকগৰাকীয়ে উল্লেখ কৰা মতে, প্ৰায় ৪২ লাখ ১৫ হাজাৰ টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা আঁচনি খনৰ জৰিয়তে হৰিপুৰ গাৱত সদ্যহতে ৩৫২ টা পৰিয়ালত ঘৰে ঘৰে পানী যোগান দিয়া হব ৷ প্ৰায় ৫ কিলোমিটাৰ জুৰি পানী যোগানৰ সুবিধা থকা আঁচনিখনৰ জৰিয়তে পৰৱৰ্তীসময়ত আঞ্চলটোৰ বাকী থকা পৰিয়ালসমুহকো সামৰি লব পৰা যাব বুলি মন্তব্য কৰে বিধায়কগৰাকীয়ে ৷ বিধায়কগৰাকীয়ে ভাষণ প্ৰসংগত কয় যে, কেন্দ্ৰীয় চৰকাৰৰ জল জীৱন আঁচনিৰ জৰিয়তে ২০২৪ চনৰ ভিতৰত চেঙা সমষ্টিৰ ১০৩ খন গাৱক সামৰি লোৱা হব আৰু ইয়াৰ জৰিয়তে সমষ্টিটোৰ ৪২ হাজাৰ পৰিয়াল উপকৃত হব বুলিও বিধায়কগৰাকীয়ে প্ৰকাশ কৰে ৷ কেন্দ্ৰীয় চৰকাৰে কোটি কোটি টকা ব্যয় সাপেক্ষে গ্ৰহন কৰা পানী যোগান আঁচনিসমুহ গাৱৰ ৰাইজে গ্ৰহন কৰিব আৰু তাক প্ৰতিপালন কৰিবলৈ জানিব লাগিব বুলি মন্তব্য কৰি পানী যোগান আঁচনিখনলৈ ৰাইজে মৰমৰ দৃষ্টি দিয়ে আৰু উপযুক্ত ৰক্ষণাবেক্ষন দিয়ে তালৈ ৰাইজলৈ আহ্বান জনায় ৷ আনহাতে বিশুদ্ধ পানী যোগানৰ ফলত গাওবাসী বেমাৰ আজাৰৰ পৰাও মুক্ত হব পাৰিব বুলিও ভাষন প্ৰসংগত উল্লেখ কৰে ৷ উদ্ধােধনী সভাখনত জিলাপ্ৰশাসনৰ বিষয়া আৰু জনস্বাস্থ্য কাৰিকৰী বিভাগৰ একাংশ বিষয়ায়ো অংশগ্ৰহন কৰে ৷

