Breaking

‘মাজুলী’ শীৰ্ষক গীতৰ পৰা ‘ফ্লিমফেয়াৰ’ লৈ নীলোৎপলৰ যাত্ৰা !

0 46

‘‘ৰিণিকি ৰিণিকি ৰাঙলী বেলিটি, জিলিকে মাজুলীতে ঐ…” – শীৰ্ষক গীতটিৰে সংগীতপ্ৰেমীৰ মন জয় কৰিছিল যোৰহাটৰ নীলোৎপল বৰাই৷ যোৰহাটৰ পৰা মায়ানগৰী মুম্বাইলৈ এক সফল সংগীতময় যাত্ৰা নীলোৎপলৰ৷ ৰাষ্ট্ৰীয় পৰ্যায়ত সংগীতৰ ক্ষেত্ৰত অসমক গৌৰাৱান্বিত কৰাৰ এক সুযোগ দিলে নীলোৎপলে৷ সন্মানীয় ‘ফিল্মফেয়াৰ বঁটা’ৰ বাবে নীলোৎপলক মনোনিত কৰা হৈছিল৷

বৃহস্পতিবাৰে মুম্বাইৰ ‘তাজ হোটেল’ত অনুষ্টুপিয়াকৈ আয়োজিত হৈ যোৱা নীলোৎপলক ৱেব ছিৰিজ ‘Aspirants’ত তেওঁৰ কামৰ বাবে শ্ৰেষ্ঠ মূল ছাউণ্ডট্ৰেক শ্ৰেণীত ফিল্মফেয়াৰ অ’টিটি বঁটাৰ বাবে মনোনীত হৈছিল। সংগীতশিল্পী ৰোহিত শৰ্মাৰ সৈতে ৱেব ছিৰিজখনৰ বাবে সংগীত সৃষ্টি কৰিছিল নীলোৎপলে। তেওঁ ছিৰিজখনৰ বাবে দুটা সংগীত কৰিছিল। সংগীতশিল্পীৰ যুটিটোৱে বঁটা লাভ নকৰিলে যদিও তেঁওলোক মনোনিত হোৱাৰ খবৰটোৱে যথেষ্ট আনন্দিত কৰিছে ৰাজ্যবাসীক৷ ‘Aspirants’ত ‘‘দে ম’কা জিন্দেগী…” শীৰ্ষক গীতটিৰ বাবে মনোনিত হৈছিল

কেঁচা মাটিৰ সুবাসেৰে সমৃদ্ধ নীলোৎপল ডাঙৰ হৈছিল এটা সংস্কৃতিৱান পৰিৱেশৰ মাজত৷ সংগীতৰ ক্ষেত্ৰত সৰুৰে পৰা ইচ্ছা নাথাকিলেও সময়ৰ গতিত সংগীতযাত্ৰাত এক সফলতাৰ মুখ দেখিছে সংগীত শিল্পীগৰাকীয়ে৷ কম বয়সতে সংগীতৰ ক্ষেত্ৰখনত খোজ পেলোৱা নীলোৎপলে বহু পুৰস্কাৰো লাভ কৰিছে৷ ‘যোৰহাট জগন্নাথ মহাবিদ্যালয়’ত কলেজীয়া শিক্ষা গ্ৰহণ কৰা নীলোৎপলে নিজৰ চেষ্টা আৰু কৰ্মোদ্যমৰে আজি উজলি উঠিছে৷

গীতিকাৰ, সুৰকাৰ, সংগীত পৰিচালক, সংগীত ব্যৱস্থাপক হিচাপেও বৰ্তমান প্ৰতিষ্ঠা লাভ কৰিছে নীলোৎপলে৷ পত্নী আৰু একমাত্ৰ কন্যাৰ সৈতে মুম্বাইত বসবাস কৰা নীলোৎপল যথেষ্ট ভ্ৰমণপ্ৰিয় বুলি জানিব পৰা গৈছে৷ বৰ্তমান সময়ত মুম্বাইতে নেটফ্লিক্স অৰিজিনেলৰ ‘যাদুকৰ’ নামৰ এখন চিনেমাৰ কামত ব্যস্ত হৈ আছে নীলোৎপল৷ নীলোৎপল বৰাৰ সংগীতময় এই যাত্ৰা আৰু অধিক উজলি উঠক লগতে ৰাষ্ট্ৰীয় পৰ্যায়ত অসমৰ নাম উজলাই তোলাৰ চেষ্টাত শুভকামনা থাকিল।

Leave A Reply