Breaking

আজিৰ পৰা ৰাজ্যত দ্বিতীয় পৰ্যায়ৰ গুণোৎসৱ–মূল্যয়কৰ দৃষ্টি আকৰ্ষণৰ বাবে বিভিন্ন বিষয় উপস্থাপন–উৎসৱমুখৰ বিদ্যালয়ৰ পৰিৱেশ

0 1,142

ৰাজ্যজুৰি আজিৰ পৰা আৰম্ভ হৈছে দ্বিতীয় পৰ্যায়ৰ গুণোৎসৱ।আজিৰ পৰা ২৬ মেলৈকে চলিব লগা এই গুণোৎসৱত ৰাজ্যৰ ৪৬০০০ বিদ্যালয়ৰ ৪২,৫০,২২৪ গৰাকী ছাত্ৰ-ছাত্ৰীক মূল্যায়ণ কৰিব ১৮,৯১০ গৰাকী বহিঃ মূল্যায়কে।শিৱসাগৰ জিলাকে ধৰি কামৰূপ,কোকৰাঝাৰ, গোলাঘাট, তিনিচুকীয়া, বৰপেটা, মাজুলী, মৰিগাঁও আৰু ওদালগুৰি জিলাত আজিৰ পৰা আৰম্ভ হৈছে দ্বিতীয় পৰ্যায়ৰ গুণোৎসৱ।শিৱসাগৰ জিলাৰ ১৩২৭ খন বিদ্যালয়ৰ ৭২’৬৫৫ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে এই গুণোৎসৱত অংশগ্ৰহণ কৰিছে।ৰাজ্যৰ প্ৰাথমিক, মাধ্যমিক চৰকাৰী বিদ্যালয়ৰ লগতে চাহ বাগান কৰ্তৃপক্ষৰ দ্বাৰা পৰিচালিত বিদ্যালয় সমূহৰ প্ৰথম শ্ৰেণীৰ পৰা নৱম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰী সকলৰ শৈক্ষিক প্ৰগতি নিশ্চিত কৰা এই গুণোৎসৱৰ মূল উদ্দেশ্য।এই উদ্দেশ্য আগত ৰাখি বহিঃ মূল্যায়ক সকলে বিদ্যালয়ৰ পাৰপাৰ্শ্বিক দিশ সমূহৰ লগতে ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক প্ৰগতিৰ বুজ লয়।ইয়াৰ বাবে মূল্যায়ক সকলক বিশেষ কেতবোৰ দিশত গুৰুত্ব দিবৰ বাবে ইতিমধ্যে কেতবোৰ প্ৰশিক্ষণ প্ৰদান কৰা হৈছিল।

ইয়াৰ ভিত্তিত মূল্যায়ক সকলে বিভিন্ন দিশ পৰীক্ষা কৰি বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক প্ৰগতিৰ লগতে বিদ্যালয়ৰ পাৰপাৰ্শ্বিকৰ লগতে পৰিকাঠামোৰ ওপৰত মূল্যায়ণ কৰিব।আজি বিদ্যালয় সমূহৰ শিক্ষক সমাজৰ লগতে ছাত্ৰ-ছাত্ৰী সকলে মূল্যায়কৰ দৃষ্টি আকৰ্ষণ কৰিব পৰাকৈ বিভিন্ন বিষয় উপস্থাপন কৰে।শিৱসাগৰ নগৰৰ লক্ষ্মীনাথ বেজবৰুৱা শিশু ভৱন,১ নং টাউন প্ৰাইমেৰী বিদ্যালয়,৩ নং প্ৰাথমিক বিদ্যালয় আদি বিদ্যালয়ত এক উৎসৱমুখৰ পৰিৱেশ দেখা যায়।ছাত্ৰ-ছাত্ৰী সকলে গুণোৎসৱ উপলক্ষে শৈক্ষিক পাঠ্যক্ৰমৰ লগতে আনুষাংগিক বিষয় সমূহ প্ৰদৰ্শন কৰে।

Leave A Reply