Breaking

আজিৰে পৰা অসমত বিকশিত ভাৰত সংকল্প যাত্ৰাৰ নগৰীয়া অভিযান আৰম্ভ…

0 86

আজিৰে পৰা অসমত বিকশিত ভাৰত সংকল্প যাত্ৰাৰ নগৰীয়া অভিযান আৰম্ভ

নগৰীয়া জনসাধাৰণক চৰকাৰী আঁচনিৰ সুবিধাৰে স্পৰ্শ কৰাৰ প্ৰয়াসৰ অংশ স্বৰূপে, বিকশিত ভাৰত সংকল্প যাত্ৰা (ভিবিএছৱাই)ই আজিৰ পৰা সমগ্ৰ অসমৰ ১৪৬টা নগৰীয়া স্থানক সামৰি লোৱাৰ লক্ষ্যৰে এক পৰিৱৰ্তনশীল যাত্ৰা আৰম্ভ কৰিছে। এই যাত্ৰা চৰকাৰী আঁচনিসমূহক নাগৰিকসকলৰ ওচৰলৈ লৈ গৈ ইতিবাচক পৰিৱৰ্তন কঢ়িয়াই অনাৰ এক প্ৰচেষ্টা।
কামৰূপ মেট্ৰ’, ধুবুৰী, আৰু কোকৰাঝাৰ জিলাৰ বিভিন্ন স্থানত আজিৰ পৰা শুভাৰম্ভ কৰা হৈছে নগৰীয়া বিকশিত ভাৰত সংকল্প যাত্ৰা। কামৰূপ মেট্ৰ’ৰ পানবজাৰ আৰু চান্দমাৰীত আজি এই যাত্ৰাৰ আৰম্ভণিৰে “মেৰী কাহানি মেৰী জুবানী” কাৰ্যসূচী আৰু হিতাধিকাৰীৰ সৈতে মত বিনিময়কে ধৰি এলানি জন ভাগীদাৰী অনুষ্ঠানৰ মঞ্চ তৈয়াৰ কৰা হয়।

নাগৰিক সেৱা বৃদ্ধিৰ প্ৰয়াসেৰে আৰম্ভ হোৱা আজিৰ নগৰীয়া বিকশিত ভাৰত সংকল্প যাত্ৰা কাৰ্যসূচীৰ উদ্বোধনী অনুষ্ঠানত জনসাধাৰণৰ কল্যাণৰ বাবে বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত কৰা হয়। যোগ্য হিতাধিকাৰীসকললৈ আঁচনিসমূহৰ সুচলতা নিশ্চিত কৰি প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনা আঁচনিৰ অধীনত তাৎক্ষণিক সংযোগ, বিনামূলীয়া স্বাস্থ্য পৰীক্ষা, আধাৰ কাৰ্ড পঞ্জীয়ন, পি এম স্বনিধি আঁচনিৰ পঞ্জীয়ন আদি সুবিধাসমূহ থিতাতে প্ৰদান কৰা হয়।

আজি গুৱাহাটীৰ পানবজাৰত অনুষ্ঠিত বিকশিত ভাৰত সংকল্প যাত্ৰা নগৰীয়া (VBSY Urban) উদ্বোধনী অনুষ্ঠানত মুখ্য অতিথি হিচাপে অনুষ্ঠানটোৰ শোভা বঢ়ায় মেয়ৰ শ্ৰী মৃগেন শৰণীয়াই। অনুষ্ঠানত জিএমচিৰ আয়ুক্ত শ্ৰী এম এন ডাহাল, গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ উপ-সচিব শ্ৰীমতী পঞ্চমী চৌধুৰী, তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ উপ-সঞ্চালক শ্ৰীমতী পাৱনী গুপ্তা আৰু ১৭ নং ৱাৰ্ডৰ কাউন্সিলাৰ শ্ৰীমতী স্নিগ্ধা মজুমদাৰে অংশগ্ৰহণ কৰে।

পানবজাৰত অনুষ্ঠিত এই নগৰীয়া যাত্ৰাৰ উদ্বোধনী অধিৱেশনৰ সময়ত গুৱাহাটীৰ মেয়ৰ শ্ৰী শৰণীয়াই উল্লেখ কৰে যে এই যাত্ৰাৰ প্ৰধান উদ্দেশ্য চৰকাৰৰ বিভিন্ন আঁচনি আৰু নীতিৰ বিষয়ে সজাগতা বৃদ্ধি কৰা। তেওঁ আলোকপাত কৰে যে, মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত দেশখনক নাগৰিকসকলৰ বাবে এক সৰ্বাংগীন উন্নত সত্তালৈ ৰূপান্তৰিত কৰাৰ প্ৰচেষ্টা চলোৱা হৈছে। এই যাত্ৰাৰ প্ৰাসংগিকতাৰ ওপৰত গুৰুত্ব আৰোপ কৰি তেওঁ কয় যে ইয়াৰ লক্ষ্য হৈছে এই আঁচনিসমূহৰ বিষয়ে মানুহক অৱগত কৰা আৰু ইয়াৰ সুবিধা লাভ কৰিব পৰাটো নিশ্চিত কৰা।

কেন্দ্ৰীয় চৰকাৰৰ ধ্বজাবাহী আঁচনিসমূহৰ বিষয়ে নাগৰিকসকলক অৱগত কৰোৱা আৰু সবলীকৰণ কৰাৰ উদ্দেশ্যে গ্ৰহণ কৰা দেশজোৰা পদক্ষেপ বিকশিত ভাৰত সংকল্প যাত্ৰাই অসমৰ জনসাধাৰণৰ মাজত গভীৰ সংযোগ সৃষ্টি কৰিছে।

ইতিমধ্যে ১৫ নৱেম্বৰৰ পৰা জনজাতীয় জিলাৰ লগতে ৰাজ্যৰ গ্ৰাম্য অঞ্চলত আৰম্ভ হোৱা এই সংকল্প যাত্ৰাৰ সফলতাৰ লগে লগে ই এক ইতিবাচক পৰিৱৰ্তনৰ প্ৰমাণ হিচাপে থিয় দিছে আৰু প্ৰগতিশীল সমাজৰ দিশত অগ্ৰসৰ হৈছে।

Leave A Reply