আন্তঃৰাষ্ট্ৰীয় বজাৰত ইন্ধন, তেলৰ মূল্যবৃদ্ধিঃ অত্যাৱশ্যকীয় সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধিয়ে জুৰুলা কৰিছে সাধাৰন ৰাইজক…

এফালে উন্নয়নৰ শ্ল’গান আনফালে জুৰুলা জনতা। ৰাজ্যত অত্যাৱশ্যকীয় সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধিয়ে ত্ৰাহি মধুসূদন দেখুৱাইছে সাধাৰন ৰাইজক। বস্তুৰ অস্বাভাৱিক মুল্যবৃদ্ধিৰ বাবেই সমগ্ৰ দেশৰ সাধাৰণ মানুহৰ জীৱন দুৰ্বিষহ হৈ পৰিছে। সীমিত আয়ৰ লোকসকলৰ জীৱন দুৰ্দশাগ্ৰস্ততাৰে পাৰ হোৱাৰ পিছতো সামগ্ৰী মূল্যবৃদ্ধি ৰোধ বা হ্ৰাস কৰাৰ ক্ষেত্ৰত চৰকাৰে লোৱা নাই যথোপযুক্ত ব্যৱস্থা। ছিণ্ডিকেট ব্যৱসায়ীয়ে দেশৰ জনসাধাৰণৰ হোৰাহোৰে পকেট উদং কৰাৰ বিপৰীতে চৰকাৰী পক্ষয়ো সময়ে সময়ে সামগ্ৰী সেৱা কৰ ‘জি এছ টি’ বৃদ্ধিৰে অভিলেষ সৃষ্টি কৰিছে।ভাৰতৰ জি এছ টিৰ ৰাজহ ২০২৪ চনৰ মে’ মাহত ১.৭৩ লাখ অৰ্থাৎ২১.১ বিলিয়ন মাৰ্কিন ডলাৰ সংগ্ৰহ হৈছে। ২০২৩ চনৰ মে’ মাহৰ তুলনাত ১০% বৃদ্ধি পাইছে। জি এছ টি ৰাজহ বৃদ্ধিৰ মূল কাৰণ হৈছে ঘৰুৱা লেনদেনৰ ১৫.৩% উল্লেখযোগ্য উত্থান।

ইয়াৰ দ্বাৰা ভাৰতৰ গ্ৰাহকৰ ব্যয় আৰু ব্যৱসায়িক কাৰ্যকলাপৰ সুস্থ উত্থানৰ ইংগিত পোৱা গৈছে যদিও ৪.৩% আমদানি হ্ৰাস পাইছে। ২০২৪-২৫ বিত্তীয় বৰ্ষৰ (২০২৪ চনৰ এপ্ৰিলৰ পৰা ২০২৪ চনৰ মে’লৈ) সময়ছোৱাৰ মুঠ জি এছ টি ৰাজহ ৩.৮৩ লাখ কোটি টকা হৈছে, যিটো যোৱা বছৰৰ একে সময়ছোৱাৰ তুলনাত ১১.৩% বৃদ্ধি হৈছে। এই বৃদ্ধিৰ মূল কাৰণ হ’ল ঘৰুৱা ব্যৱহাৰ বৃদ্ধি ১৪.২% আৰু আমদানিৰ প্ৰান্তীয় বৃদ্ধি ১.৪%ৰ সংমিশ্ৰণ। ব্যৱসায়ীসকলে পণ্যৰ মূল্যবৃদ্ধিৰ যুক্তিৰ উদাহৰণ হিচাপে ৰাছিয়া-ইউক্ৰেইন যুদ্ধ, লকডাউ, জিএছ টি বৃদ্ধি, ইন্ধনৰ মূল্যবৃদ্ধিৰ কথা উল্লেখ কৰাটো এটা ফেশ্বন হৈ পৰিছে। দেশত উৎপাদিত চাউল, দালি, শাক-পাচলি, কণী, মাছ, মাংস ইত্যাদি উৎপাদিত কৃষিজাত সামগ্ৰীৰ বাবে কৃষকে পোৱা মূল্য আৰু গ্ৰাহকে একেটা সামগ্ৰী ক্ৰয় কৰা মূল্যৰ মাজত পাৰ্থক্য ইমানেই বেছি যে মধ্যভোগীৰ মুনাফা জলজল পটপটকৈ বুজিব পাৰি। মধ্যভোগী ব্যৱসায়ীসকলেই ঘৰুৱা কৃষিজাত সামগ্ৰীৰ দাম বৃদ্ধিৰ জৰীডাল টানি কৃষিজাত সামগ্ৰীৰ দাম সাধাৰণ মানুহৰ ক্ৰয় ক্ষমতাৰ বাহিৰলৈ লৈ গৈছে। বৰ্তমান বজাৰত প্ৰতি কি:গ্ৰা হিচাপত কেৰেলা ৮০ টকা, পটল ৮০ টকা, ৰঙালাউ ৩০টকা, আলু ২০ টকা, পিয়াজ ৪০ টকা, মিঠাতেল ১৬০ টকা, আন আন সামগ্ৰীৰ দামো আকাশলংঘী। নিত্যব্যৱহাৰ্য সামগ্ৰীৰ বাহিৰেও জনসাধাৰণৰ এটা মৌলিক প্ৰয়োজন চিকিৎসা সেৱাৰ বাবে অতিৰিক্ত ধন খৰচ কৰিবলগীয়া হৈছে। বিশেষকৈ ব্যক্তিগত চিকিৎসালয়সমূহে অবাধে ধন সংগ্ৰহ অব্যাহত ৰাখাৰ সমান্তৰালকৈ জীৱনদায়িনী ঔষধৰ অস্বাভাৱিক মূল্যবৃদ্ধিৰ ফলত নিম্ন মধ্যবিত্ত শ্ৰেণীৰ লোকে বিনা চিকিৎসাৰে জীৱন অতিবাহিত কৰিব লগাৰ দৰে অৱস্থাৰ সৃষ্টি হৈছে। চৰকাৰী চিকিৎসলয়সমূহত অতি নিম্নমানৰ দুই এবিধ ঔষধহে যোগান ধৰা দেখা যায়। চিকিৎসালয়সমূহত ঔষধৰ তালিকাখন বিভাগীয় কৰ্তৃপক্ষক দেখুৱাবলৈহে আৰি থয় বুলি বহুলোকে আপত্তি দৰ্শায়। ব্যক্তিগত চিকিৎসালয়ত চিকিৎসকৰ মাচুল, চিকিৎসালয়ৰ বিচনা, অপাৰেশ্যনৰ মাচুল আদিৰ ক্ষেত্ৰত কোনো উচিত নীতি নথকাৰ বাবে নিৰীহ দৰিদ্ৰ লোকসকল চিকিৎসালয়ৰ ব্যৱসায়ীক স্বাৰ্থ সিদ্ধি হোৱাৰ বিপৰীতে প্ৰহসনথ বলি হৈছে সাধাৰণ লোক।

ক্লিনিক, মাছৰ বজাৰ, শাক-পাচলিৰ বজাৰ আদিয়েও নিজৰ ইচ্ছামতে দৰদাম কৰি মানুহৰ পৰা ধন সংগ্ৰহ কৰে। এনে পৰিস্থিতিত এই ছিণ্ডিকেট ব্যৱসায়ীসকলৰ হাতৰ পৰা দেশৰ সাধাৰণ জনতাক ৰক্ষা কৰিবলৈ, প্ৰথম আৰু মূল কাম হিচাপে চৰকাৰে অসাধু ব্যৱসায়ীৰ পৰা বজাৰ মুক্ত কৰিব লাগিব। মূল্যবৃদ্ধিৰ ফলত আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হৈছে কম আয়ৰ লোকসকল। মধ্যবিত্ত আৰু নিম্ন মধ্যবিত্ত লোকসকলে মূল্যবৃদ্ধিৰ লগত খোজ মিলাবলৈ জটিল হৈ পৰিছে। অত্যাৱশ্যকীয় সামগ্ৰী কিনিব নোৱাৰাকৈয়ে বহুতে অনাহাৰে আৰু আধা অনাহাৰে দিন পাৰ কৰিছে। পণ্যৰ মূল্যবৃদ্ধিৰ সমস্যা সমাধানৰ বাবে চৰকাৰ বিশেষ ব্যৱস্থা ল’ব লাগিব। চৰকাৰৰ পৰা জৰুৰীকালীনভাৱে বজাৰ নিয়ন্ত্ৰণ ব্যৱস্থা গ্ৰহণ কৰাটো প্ৰয়োজন। নহ’লে সাধাৰণ জনতাৰ চকুলোৱে হাঁহাকাৰ সৃষ্টি কৰিব।

Related Articles